চীডিং গামপ্ৰেনিউৰছ'-এ ভাৰতৰ গাওঁবোৰক আত্মনিৰ্ভৰ ভাৰতলৈ ৰূপান্তৰিত কৰিছে

'

ষ্টাফরিপোৰ্টৰ, ফেব্ৰুৱাৰী ২৫,ডইচ্ছ জেছেলছাফ্ট ফাৰ ইণ্টাৰনেচনেল জুছামেনাৰ্বেইট অৰ্থাৎ জিআইজেডৰ সহযোগত ধৃতি- দ্য কাৰেজ উইডইন-এ কোভিড সাহায্য পদক্ষেপ হিচাপে ভাৰতত, বিশেষকৈ পূৱ আৰু উত্তৰ-পূবৰ গাওঁ আৰু চহৰীয়া অঞ্চলসমূহত তৃণমূল পৰ্যায়ত উদ্যোগ সৃষ্টিৰ বাবে ‘চীডিং গ্ৰামপ্ৰেনিউৰছ’ শীৰ্ষক এক আন্দোলনৰ সুত্ৰপাত কৰে। 
‘চীডিং গ্ৰামপ্ৰেনিউৰছ’ দৃষ্টিৰ অধীনত, ‘চীডাৰছ ফেলোশ্বিপ ২০২০’ গ্ৰাম্য ভাৰতত প্ৰব্ৰজন আৰু নিবনুৱাৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ লক্ষ্যৰে এক অগ্রণী প্রকল্প আছিল। ফেলোশ্বিপৰ উদ্দেশ্য আছিল গ্ৰাম্য পেছাদাৰী/সহকৰ্মীসকলৰ বাছনি আৰু তেওঁলোকৰ লগত কাম কৰি, তেওঁলোকৰ অঞ্চলৰ আত্মসহায় গোটসমূহক একত্ৰীকৰণ, প্ৰশিক্ষণ আৰু সাহায্য প্ৰদান কৰা।
“এই ফেলোশ্বিপৰ জৰিয়তে, মাত্ৰ তিনি মাহৰ ভিতৰত অসম, ঝাৰখণ্ড, মণিপুৰ, নাগালেণ্ড আৰু ওড়িশাৰ ১০ টা খণ্ডত ১০ জন উদ্যমী চীডাৰ ফেলোৰ দ্বাৰা ৩১৮ গৰাকী মহিলা আৰু ১৬০টা আত্মসহায় গোটক প্ৰশিক্ষণ প্ৰদান কৰি সবলীকৰণ কৰা হৈছিল। এইটো আমাৰ গ্ৰাম্য উদ্যোগীসকলৰ পৰিৱৰ্তনৰ বাবে গতি, ক্ষিপ্ৰতা আৰু কাৰ্যকৰী প্ৰচাৰৰ এক অভূতপূৰ্ব মডেল,” ধৃতি- দ্য কাৰেজ উইডইনৰ সহ-প্ৰতিষ্ঠাপক আৰু কৌশল উপদেষ্টা অনিৰ্বান গুপ্তাই কয়।
অসমৰ চীডাৰ ফেলো পূজা কটকীয়ে কয়, “আমি তেওঁলোকক এটা প্ৰকল্পৰ পৰিসৰৰ বাহিৰত চাব লাগিব। যেতিয়ালৈকে আমি তেওঁলোকক বহনক্ষমতা আৰু সবলীকৰণৰ উপায় নিদিওঁ, আমি পৰিৱৰ্তন কেনেকৈ আনিব পাৰো? আমি গ্ৰাম্য ভাৰতক তেওঁলোকৰ নিজৰ বিকাশৰ বাবে দায়বদ্ধ কৰিব লাগিব।  আমি তেওঁলোকক নিজৰ বিকাশ নিজৰ হাতত ল’বলৈ সক্ষম কৰিব লাগিব।”
মণিপুৰৰ উখৰুলৰ এজন চীডাৰ ফেলো পামচিংলাই কয়, “কাৰ্যসূচীৰ উদ্দেশ্য আৰু বীজকাৰীসকলে কি কৰা উচিত তাৰ ওপৰত সদায় স্পষ্ট মনোযোগ দিয়া যায়। এইটো এটা ফলাফলমুখী কাৰ্যসূচী আৰু প্ৰতিটো পদক্ষেপত উন্নয়নমূখী পৰিৱৰ্তন ঘটিছিল।”
আনহাতে উৰিষ্যাৰ এজন চীদাৰফেলো সুমীত কৰে এইদৰে কয়, “এই ফেলোশ্বিপে উত্তৰ-পূব আৰু পূৱ ভাৰতৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে, আৰু এই কথাই মোক এই প্ৰকল্পৰ প্ৰতি অধিক আগ্ৰহী কৰিছিল। উদ্যোগ বিকাশৰ প্ৰতি মই খুব আগ্ৰহী আৰু মই কিছু সময় ধৰি ধৃতিৰ সহযোগত কৰা জিআইজেডৰ প্ৰকল্প হাৰ এণ্ড নাওৰ কাম অনুসৰণ কৰি আহিছো।” 
এই ফেলোশ্বিপে এটা ডমিনো প্ৰভাৱ সৃষ্টি কৰিছিল য’ত জিলা আৰু ৰাজ্য চৰকাৰৰ বিষয়াসকলে বীজকাৰী আৰু আত্মসহায় গোটসমূহৰ সৈতে এক সম্পৰ্ক স্থাপন কৰিছিল। উদাহৰণ স্বৰূপে, ওড়িশাৰ চৰকাৰী বিষয়াসকলে আত্মসহায় গোটসমূহক চৰকাৰৰ পৰ্যটন উদ্যোগৰ সুযোগবোৰৰ সৈতে সংযোগ কৰাই দিছিল। আত্মসহায় গোটসমূহক মুঠ ১৫,৭৮,৫৩২ টকা মূল্যৰ যন্ত্ৰ, সঁজুলি আৰু সম্পদ প্ৰদান কৰা হৈছিল। প্ৰায় ৮০টা আত্মসহায় গোটে তেওঁলোকৰ ব্যৱসায়িক পৰিকল্পনা প্ৰস্তুত কৰিছিল। এতিয়ালৈকে, ৬৪টা আত্মসহায় গোটে তেওঁলোকৰ পেন কাৰ্ডৰ বাবে আবেদন কৰিছে, আনহাতে ৪৫টা আত্মসহায় গোটক এমএছএমইৰ অধীনত পঞ্জীয়ন কৰা হৈছে।
“উদ্যোগটো সুন্দৰভাৱে ৰূপায়ন হোৱা বাবে আমি আনন্দিত। আমি এইবছৰ কেৱল জৰুৰী সাহায্যৰ দাবী পাইছো, আৰু আমি গ্ৰাম্য উদ্যোগৰ বাবে এটা মানদণ্ড সৃষ্টি কৰিবলৈ সক্ষম হৈছো, য’ত পৰিমাপৰ সম্ভাৱনা আছে”, জিআইজেডৰ প্ৰকল্প প্ৰধান উল্লাস মাৰাৰে কয়।
এইটো মানৱ সন্মান পুনৰুদ্ধাৰ কৰাৰ এক নতুন সামাজিক-অৰ্থনৈতিক বিপ্লৱৰ আৰম্ভণি। ধৃতিয়ে চীডিং গ্ৰামপ্ৰেনিউৰছক এক সামাজিক প্ৰভাৱ আন্দোলন কৰি তুলিবলৈ প্ৰচেষ্টা চলাই আছে – য’ত একাধিক সংগঠন, অসামৰিক সমাজ, গৱেষণা সংগঠন আৰু নাগৰিকক নিযুক্ত কৰিব পৰা যাব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা