নগাঁৱত এন পি এছ শিক্ষক-কৰ্মচাৰীৰ সৰ্বাত্মক কৰ্মবিৰতি পালন≈≈স্তব্ধ চৰকাৰী কাম-কাজ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ ফেব্ৰুৱাৰীঃ ৰাষ্ট্ৰীয় পেন্সন নীতি চমুকৈ এন পি এছ বাতিল কৰি পুৰণি পেন্সন নীতি(অ' পি এছ) প্ৰৱৰ্তনৰ দাবীত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে মঙলবাৰে ৰাজ্যৰ আন ঠাইৰ লগতে নগাঁও জিলাত এন পি এছ কৰ্মচাৰী সকলে সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৰ নগাঁও জিলা সমিতিৰ উদ্যোগত জিলা উপায়ুক্ত কাৰ্যালয়ত কৰ্মৰত এন পি এছ কৰ্মচাৰী সকলে পুৱা কাৰ্যালয়ত উপস্থিত হৈ কৰ্মবিৰতি পালন কৰে। প্ৰতিবাদী কৰ্মচাৰীসকলে তেওঁলোকৰ মুল দাবীৰ সমৰ্থনত বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে অতি শীঘ্ৰে তেওঁলোকৰ দাবীসমুহ পুৰণ কৰাৰ বাবে চৰকাৰক আহ্বান জনায়। অন্যথা অনাগত বিধান সভা নিৰ্বাচনত ইয়াৰ ফল ভোগ কৰিব লাগিব বুলি চৰকাৰক সকীয়াই দিয়ে। উক্ত কাৰ্যসূচীত সংগঠনটোৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ধীৰাজ বৰা, সহকাৰী সম্পাদক মনোজ কাকতি, উপ-সভাপতিদ্বয় ছাইফুল ইছলাম, পংকজ মিলি, সাংগঠনিক সম্পাদক ৰাজেশ শ্বোম আদিকে ধৰি বহু নেতৃবৰ্গ উপস্থিত থাকে। এই কৰ্মবিৰতিৰ ফলত জিলা উপায়ুক্ত কাৰ্যালয়ৰ কাম-কাজসমুহ দিনটোৰ বাবে স্তব্ধ হৈ পৰে। ইফালে, জিলাখনৰ বেবেজীয়া, হাতীচোং, জাজৰি, দক্ষিণপাট, ৰাইদঙীয়া আদিকে ধৰি সকলো গ্ৰামাঞ্চলৰে প্ৰায় সকলো চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ লগতে বিভিন্ন বিভাগৰ অনুষ্ঠান-প্ৰতিষ্ঠানত কৰ্মৰত এন পি এছ কৰ্মচাৰী সকলেও কৰ্মবিৰতি পালন কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা