গুৰুজনাৰ জন্মভূমিত ১৮৮ কোটি টকীয়া 'বটদ্ৰৱা প্ৰকল্প' নিৰ্মাণৰ শুভাৰম্ভণি গৃহ মন্ত্ৰীঅমিত শ্বাহৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ ফেব্ৰুৱাৰীঃ ঐতিহাসিক মুহুৰ্তৰ সাক্ষী হ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ ৰাইজ। আজি দুপৰীয়া চাৰে বাৰ বজাত বটদ্ৰৱাত হেলিকপ্টাৰে পদাৰ্পন কৰে গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। হেলিকপ্টাৰ পৰা নামি তেওঁলোকে পোনে পোনে বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ বেদখলমুক্ত ভূমিত প্রায় ডেৰ লক্ষাধিক লোকৰ উপস্থিতিত জনসভাত অংশ গ্ৰহণ কৰে। সভাত আৰম্ভণি ভাষন প্ৰদান কৰে বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। তেওঁ অসমীয়া জাতীয় জীৱনৰ বাবে আজি উল্লেখ্যযোগ্য দিন। আমি গুৰুজনাক অসমত নহয় সমগ্র বিশ্বত পৰিচয় কৰাব বিচাৰিছোঁ। অসমীয়া জাতিক আগুৱাই নিবলৈ হলে শংকৰ-মাধৱৰ আদৰ্শ অনুকৰন কৰিবই লাগিব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰাৰ লগতে "মুক্তিত নিস্পৃহ যিটো, সেহি ভকতক নমো, ৰসময় মাগোহো ভকতি" শীৰ্ষক ঘোষাৰে ভাষন সামৰণি মাৰে। ইয়াৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে "জয় জয় বটদ্রৱা বৈকুন্ঠ দুতয়, সেহি স্থানে নিজ গুৰু ভৈলন্ত উদয়" শীৰ্ষক বটদ্ৰৱা থান বৰ্ণনা গীতেৰে আৰম্ভণি কৰি প্ৰদান কৰা ভাষণত কয় যে- "গুৰুজনাৰ বিষয়ে গুনানুকীৰ্তন কৰাৰ ধৃষ্টতা মোৰ নাই। মানৱ জাতিক শান্তিৰ বাৰ্তা দিবলৈ গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হব লাগিব। নৱ প্ৰজন্মক শংকৰদেৱ প্ৰমুখ্যে বৈষ্ণৱ গুৰুসকলৰ জীৱন দৰ্শন অধ্যয়নৰ জড়িয়তে বিশ্ব মানৱ জাতিৰ সন্মুখত চিনাকি দিব লাগিব।" মুখ্যমন্ত্ৰীগৰাকীয়ে আমি অসমীয়া মহাজাতিৰ সন্তান বুলি নিজৰ ভাষনত উল্লেখ কৰে। ইফালে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ ভাষণত কয়-"শংকৰদেৱৰ জন্মস্থানলৈ আহিব পৰাতোৱেই মোৰ পৰম সৌভাগ্য। গুৰুজনাৰ ওচৰলৈ আহিবলৈ কৃপা দৃষ্টি লাগিব। মহাপুৰুষ শংকৰদেৱৰ আদৰ্শত ৰামৰাজ্যৰ কল্পনা নিহিত আছে। বিশ্ব মানৱ জাতিৰ একাত্মবোধ, ভাতৃত্ব আৰু মানৱবোধৰ নিদৰ্শন ভাৰতীয় মহাজাতিয়ে শংকৰদেৱ-মাধৱদেৱৰ পৰা অনুকৰন কৰিব লাগিব। স্বাধীনতাৰ আগতেই মহাত্মা গান্ধীয়ে কৈছিল যে আপোনালোক অসমীয়া জাতি সৌভাগ্যবান। গুৰু শংকৰে পাঁচশ বছৰ পূৰ্বে এই ভূমিত ৰামৰাজ্য প্ৰতিষ্ঠা কৰি গৈছে। মই অসম চৰকাৰক অনুৰোধ কৰিম ৷ যাতে বছৰি ২৫ হাজাৰ সত্ৰ-নামঘৰক অনুদান আগবঢ়াই। অসমৰ সমস্যাৰাজিৰ সন্দৰ্ভত তেওঁ কয় যে- গড় হত্যা বন্ধ হৈছে ৷ কিন্তু আৰু এটা কাম বাকী আছে ৷ সেইটো হৈছে বানপানীৰ সমস্যাৰ সমাধান । বানপানীৰ পৰা অসমক মুক্ত কৰিবলৈ আৰু পাঁচ বছৰ লাগিব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে লগতে কয়- ক’ভিডৰ সময়ত সন্মুখৰ পৰা কৰ’নাৰ পৰা ৰাইজক বচাবলৈ নেৰ্তৃত্ব দিয়াৰ বাবে তেওঁলোক প্ৰশংসাৰ পাত্ৰ। শান্তি আৰু বিকাশৰ কাম বিজেপিৰ দ্বাৰাহে সম্ভৱ বুলি মন্তব্য কৰি ভাষণ প্ৰসংগত তেওঁ গুৰুজনাৰ জন্মস্থান নগাঁৱৰ স্বাধীনতা আন্দোলনৰ স্বহীদ উমাকান্ত বৰুৱা, ভোগেশ্বৰী ফুকননীকে প্ৰমুখ্য কৰি সকলো শ্বহীদৰ নাম উচ্চাৰণ কৰি আৰু কয় যে--কংগ্ৰেছক জিকাবলৈ সৰু সৰু দলবোৰে আন্দোলন কৰিছে। মুক্তিযোদ্ধা সকলক প্ৰকৃত সন্মান বিজেপিয়ে দিছে। কংগ্ৰেছৰ শাসনৰ দীৰ্ঘকাল বেদখল হৈ থকা বটদ্ৰৱাৰ এই ভূখণ্ডত আমাৰ চৰকাৰে বেদখলমুক্ত কৰি যুগ যুগান্তৰলৈ গুৰুজনাৰ অমৰ কৃৰ্তি চিহ্ন ৰখাৰ সংকল্পৰে আমি এই বটদ্ৰৱা থানৰ সৌন্দৰ্য বৰ্ধন আৰু উন্নয়ণ এই প্ৰকল্পৰ শুভাৰম্ভণি কৰিছো। ভাষন শেষ কৰি বটদ্ৰৱা থানত প্ৰৱেশ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। গৃহমন্ত্ৰীৰ লগত জাতীয় সাজত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱা থানত প্ৰৱেশ কৰে। উল্লেখ্য, ভকত-বৈষ্ণৱৰ আনন্দ-উল্লাসৰ মাজেৰে জাপি বাটচ'ৰাৰে পোনে পোনে কীৰ্তন ঘৰত প্ৰৱেশ কৰে গৃহমন্ত্ৰী গৰাকীয়ে। গায়ন-বায়নৰ মাংগলিক ধ্বনি, আয়তীৰ মংগল উৰুলি আৰু দিহানামেৰে পৰিবেশিত এটি সুন্দৰ পৰিবেশৰ মাজেৰে গৃহমন্ত্ৰী অমিত শ্বাহক বটদ্ৰৱা থানলৈ আদৰি অনা হয়। থান প্ৰাংগণ আৰু কীৰ্তনঘৰত থানৰ ভকত-বৈষ্ণৱে পৰা দবা, কাঁহ, ঘন্টা আদি দেৱবাদ্যৰ মংগলিক ধ্বনিৰে গৃহমন্ত্ৰীক আশীৰ্বাদ প্ৰদান কৰে। ইফালে, বটদ্ৰৱা থানৰ নাটঘৰত থান পৰিচালনা সমিতিয়ে গৃৃহমন্ত্ৰী অমিত শ্বাহ, মুুুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কুঁহিলাৰ কঠ, শৰাই, ধৰ্মবস্ত্ৰ, বটদ্ৰৱা থান বৰ্ননা গীত, খোল, মাইহাং আদিৰে সম্বৰ্ধনা জনায় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা