মৈৰাবাৰীত বিধায়ক আমিনুল ইছলামৰ মৈৰাবাৰী,দলৈগাও গড়কাপ্তানি পথৰ পুনৰ নিৰ্মানৰ আধাৰশিলা স্থাপন

মৰিগাঁওৰ মৈৰাবাৰীত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে মৈৰাবাৰীৰ পৰা দলৈগাঁও লৈ যোৱা গঢ়কাপ্তানী পথৰ পুণৰ নিৰ্মানৰ বাবে মংগলবাৰে আধাৰশিলা স্থাপন কৰে। মৈৰাবাৰী বহু দিনীয়া সমস্যা আছিল মৈৰাবাৰী পৰা দলৈগাঁও লৈ যোৱা গঢ়কাপ্তানী পথটো। এই পথটোৰ কাৰণে বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে বিভিন্ন সময়ত প্ৰতিবাদ কৰাও পৰিলক্ষিত হৈছিল। আধাৰশিলা স্থাপন কৰি সাংবাদিকৰ আগত বিধায়ক জনে কয় ধিং সমষ্টিৰ ভিতৰত মৈৰাবাৰী গাওঁ পঞ্চায়তত সকলোতকৈ বেছি কাম কৰিছে । আৰু ধিং সমষ্টিৰ সকলো প্ৰাক্তন বিধায়কতকৈ বেছি কাম কৰিছে বুলি কয় । বিধায়ক জনৰ কায‍্যকালত যিমান কাম আগতে হৈছে অধিকাংশ কামৰ আধাৰ শিলা স্থাপন কৰা নাছিল ডাইৰেক্ট কাম কৰিছিল যাৰ বাবে বিৰোধী চক্ৰয়ে অপ প্ৰচাৰ চলাই আছে বুলি বিধায়ক জনে  কয় ।

মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা