সাংবাদিক পৰাগ ভূঞাৰ পৰিকল্পিত হত্যাৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ মৌন প্ৰতিবাদ




ষ্টাফৰিপোৰ্টাৰ, ১৪ নৱেম্বৰ : 
তিনিচুকীয়া জিলাৰ কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞা হত্যা কাণ্ডৰ উচিত শাস্তি লগতে উচ্চতম ন্যালয়ৰ হস্তক্ষেপত তদন্তৰ দাবীৰে শনিবাৰে গুৱাহাটী ক্লাৱৰ ৰটাৰী পইণ্টত অসম জাতীয় পৰিষদ, কামৰূপ মহানগৰ সমিতি, জাতীয় যুৱ শক্তিয়ে মৌন প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই কাৰ্যসূচীৰ জৰিয়তে অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক অদীপ কুমাৰ ফুকনে কয়
:দুৰ্নীতি বিৰুদ্ধে সংবাদ প্ৰচাৰ কৰি চৰকাৰৰ ছিণ্ডিকেট উদঙাই দিয়া বাবে সাংবাদিক গৰাকীক  হত্যা কৰা হ’ল।
চৰকাৰ দুৰ্নীতি উদঙাই দিয়া বাবে আজি ৰাস্তাত কাইলৈ ঘৰৰ ভিতৰতো হত্যা কৰিব পাৰে ৷ স্থানীয় আৰক্ষী থানা আৰক্ষী বিষয়াকো দোষাৰোপ কৰে তেওঁ লগতে কয়' কিয় তাৎক্ষণিক ভাৱে ব্যৱস্থা লোৱা নহ'ল ৷ আৰু এই হত্যাকাণ্ড এটা পৰিকল্পিত ৰাজনৈতিক প্ৰণোদিত। মুখ্যমন্ত্ৰীয়ে তদন্ত দিব লাগে কাৰণে দিছে ৷ ইয়াৰ তদন্ত উচ্চতম ন্যায়লয় অথবা উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত বিচাৰপতিৰ তত্ত্বাৱধানত হ'ব লাগে।' এই কাৰ্যসূচীত বহুসংখ্যক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা