বৰপেটাৰ হাউলীত বৰপেটা সমষ্টি ভিত্তিত অগপৰ মহিলা সমাৰোহ

হাউলী জুনিয়ৰ কলেজত অনুষ্ঠিত মহিলা সমাৰোহত উপস্থিত থাকি অগপৰ নৱ নেত্ৰী কল্পনা পাটোৱাৰীয়ে অগপৰ সাংগঠনিক ভেটি শক্তিশালী আমি মহিলা সকলে কৰিব লাগিব বুলি উল্লেখ কৰাৰ লগতে ভিন্ন ধৰণৰ মন্তব্য আগবঢ়ায়। সভাৰ ভাষত দুটিকৈ ভক্তিমূলক গীত গাই উপস্থিত মহিলা সকলক মোহিত কৰে ।

সভাত যোগান মন্ত্ৰী ফণীভুষন চৌধুৰী উপস্থিত থাকি বৰপেটাত কোনো ৰাজনৈতিক দলে অগপৰ দৰে বৃহৎ মহিলা সভা আজিলৈ অনুষ্ঠিত কৰিব পৰা নাই । আজিও বৰপেটাৰ মহিলাই  হাউলীত পুনৰ প্ৰণাম কৰি দিয়ে বুলি উল্লেখ কৰে।

সভাৰ অন্তত আছাম টকছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কল্পনা পাটোৱাৰীয়ে কয় : অসমত ২১ ত পুনৰ বি জে পি আৰু অ গ পৰ মিত্ৰজোঁটৰ চৰকাৰ আহিব বুলি আশাবাদী বুলি কোৱাৰ লগতে কয় যে অগপ ৰ ধাৰা  অসমত অক্ষুন্ন আছে, কাৰণ অগপ অসমীয়াৰ সত্বা, ডিএনএত আছে।

তৰোপৰি পাটোৱাৰীক কোন সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি সোধাত, বৰপেটাৰ যিকোনো সমষ্টিতে খেলিলে তেওঁ অলেখ ভোটত জয়যুক্ত হব বুলি আশাবাদী।

তদুপৰি অগপক কিয় ৰাইজে আঁকোৱালি লব সোধাত , পাটোৱাৰীয়ে  কয় যে অসমত আঞ্চলিকতাৰ ধাৰা অক্ষুন্ন ৰখাৰ ক্ষেত্ৰত অগপ ক ৰাইজে আঁকোৱালি লব। ইয়াৰ উপৰিও পাটোৱাৰীয়ে বিভিন্ন ৰাজনৈতিক কথা উল্লেখ কৰে।

বৰপেটাৰ পৰা কঞ্জল দাসৰ ৰিপ'ৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা