টিহু সাহিত্য সভাৰ গ্ৰন্থ উন্মোচনী সভা সম্পন্ন টিহুৰ এগৰাকী কৃতী শিক্ষক, লেখক,

সমাজহিতৈষী, লোকসংস্কৃতিৰ অনুৰাগী ৰত্নেশ্বৰ শৰ্মাৰ জীৱন কীৰ্তি আলোকপাত কৰি আৰু অন্য প্ৰাসংগিক লেখাৰে সাংবাদিক–সাহিত্যকৰ্মী পংকজ বেজবৰুৱাই সম্পাদনা কৰা আৰু টিহু সাহিত্য সভাৰদ্বাৰা প্ৰকাশিত ‘স্মৃতিৰত্নতৰংগিণী’ নামৰ গ্ৰন্থ এখন আজি  উন্মোচন  কৰা হয় । এই উদ্দেশ্যে  পুৱা ১০ বজাত টিহু মহাবিদ্যালয়ৰ আলোচনাকক্ষত  কৃতী শিক্ষক ৰত্নেশ্বৰ শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ গোলকেশ্বৰ গোস্বামীয়ে আৰু  মাল্যাৰ্পণ কৰে ৰত্নেশ্বৰ শৰ্মাদেৱৰ সহধৰ্মিনী পাৰুলৰাণী দেৱীয়ে । ইয়াৰ পাছতে টিহু সাহিত্য সভাৰ সভাপতি শংকৰকুমাৰ দাসৰ পৌৰেহিত্যত অনুষ্ঠিত  গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থখন উন্মোচন কৰে  অসম মহিলা বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা ( কৃষি ) সঞ্চালক অধ্যাপক ড:  অশোক ভট্টাচাৰ্যই । টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কিশোৰ কুমাৰ তালুকদাৰে আদৰণি ভাষণ প্ৰদান কৰা  অনুষ্ঠানটিত বিশিষ্ট আলহী হিচাপে ভাগ লয়  নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কৰুণাকান্ত কলিতাই । 

টিহুৰ পৰা  কৰবী গোস্বামী

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা