বঙাইগাঁও নিৰ্বাচন জিলা প্ৰশাসনৰ উদ্যোগত সজাগতা সভা

সোণালী বান্দৰক শুভংকৰ প্ৰতীক হিচাপে লৈ 'গোল্ডি'ৰ অনুষ্ঠানিক মুকলি 

বঙাইগাঁওঃ ২৭ নৱেম্বৰঃ আগন্তুক ২০২১ৰ নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যতে প্ৰস্তুতি লাহে লাহে আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত আজি বঙাইগাঁও নিৰ্বাচন জিলা প্ৰশাসনৰ উদ্যোগত জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ প্ৰাংগণত ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ ওপৰত এখন বিশেষ সজাগতা সভা অনুষ্ঠিত হৈ যায়। বঙাইগাঁও জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত ডাঃ এম.এছ. লক্ষ্মী প্ৰিয়াই সভাপতিত্ব কৰা আজিৰ এই সজাগতা সভাখনৰ যোগেদি এই ফটোযুক্ত ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়া সফল কৰি তুলি এখন শুদ্ধ, নিকা, আৰু স্বাস্থ্যকৰ ভোটাৰ তালিকা প্ৰস্তুত কৰাত সকলোৰে সহযোগিতা বিচৰাৰ লগতে  উঠি অহা প্ৰজন্মৰ যিসকলে ইতিমধ্যে ১৮ বছৰত ভৰি দিছে অথবা অহা ২০২১ বৰ্ষৰ ১ জানুৱাৰীত ১৮ বছৰ সম্পূৰ্ণ কৰিব তেনে ন-ভোটাৰ সকলক নিজৰ নাম ফটোযুক্ত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ  লগতে নিজৰ ভোট দানৰ অধিকাৰ সাব্যস্ত কৰি ৰাষ্ট্ৰৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ অংশীদাৰ হৈ এজন সুনাগৰিকৰ কৰ্তব্য পালনৰ বাবে সজাগ কৰাৰ প্ৰয়াস কৰা হয়। ইতিমধ্যে খচৰা ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ হৈছে আৰু এই তালিকাত যদি কোনো লোকৰ নাম কিবা কাৰণবশতঃ এতিয়ালৈকে সন্নিবিষ্ট নোহোৱাকৈ থাকি গৈছে বা নামত যদি ক্ৰুটিপূৰ্ণ ভাৱে অন্তৰ্ভুক্ত হৈ আছে তাৰ প্ৰয়োজনীয় সংশোধনৰ বাবে তথা নতুনকৈ নাম অন্তৰ্ভূক্ত কৰিব বিচৰাসকলে ল'বলগীয়া আবেদনৰ ব্যৱস্থাৱলী ইত্যাদি বিষয় সমূহৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই সজাগতা সভাখন অনুষ্ঠিত কৰা হয় ৷ ইপিনে এই সজাগতা অনুষ্ঠানতেই জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া আৰু বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱালে শুভংকৰ ' গোল্ডি' ৰ আনুষ্ঠানিক ভাৱে মুকলি কৰে।শুভংকৰ 'গোল্ডি' হৈছে  বঙাইগাঁও জিলাৰ কাকৈজনা সংৰক্ষিত বনাঞ্চলত উপলৱদ্ধ পৃথিৱীৰ ভিতৰতে দুৰ্লভ এক বিৰল প্ৰজাতিৰ সোণালী বান্দৰৰ প্ৰতীক।এতিয়াৰে পৰা গোল্ডিয়ে নিৰ্বাচন সম্বন্ধীয় সকলো সজাগতা মূলক প্ৰচাৰত বঙাইগাঁও নিৰ্বাচন জিলাক প্ৰতিনিধিত্ব কৰিব। উল্লেখ্য যে সজাগতা সভাখনত নিজৰ বক্তব্যত জিলা নিৰ্বাচন বিষয়া ডাঃ এম.এছ লক্ষ্মী প্ৰিয়াই সভাত উপস্থিত সকলোকে শুভংকৰ গোল্ডিক মৰমেৰে আঁকোৱালি লৈ গোল্ডিয়ে দিব খোজা নিৰ্বাচনী সম্বন্ধীয় বতৰাসমূহ সৰ্বত্ৰতে বিপুলভাৱে প্রচাৰৰ বাবে আহ্বান জনায়।তেওঁ লগতে কয় যে ভোটদানৰ অধিকাৰ সংবিধানে আমাক দেশৰ নাগৰিক হিচাবে প্ৰদান কৰা এক অতি গুৰুত্বপূৰ্ণ অধিকাৰ আৰু এই অধিকাৰ সাব্যস্ত কৰি সকলোৱে ৰাষ্ট্ৰ নিৰ্মানৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহৰ অংশীদাৰ হোৱা উচিত। আনহাতে অতিৰিক্ত উপায়ুক্ত পংকজ চমুৱাই অনুষ্ঠানৰ উদ্দেশ্যে ব্যাখ্যা কৰি অহা ২৮ আৰু ২৯ নৱেম্বৰ আৰু ৫ আৰু ৬ ডিচেম্বৰত বুথ পৰ্যায়ত বিশেষ ভাৱে হ'বলগা
প্ৰচাৰত সক্ৰিয় অংশ গ্ৰহণেৰে এখন নিকা আৰু শুদ্ধ ফটোযুক্ত ভোটাৰ তালিকা প্রস্তুত কৰাত সহযোগ কৰিবলৈ উপস্থিত সকলোকে আহ্বান জনায় আৰু এই সম্পৰ্কে নিজৰ নিজৰ পৰ্যায়ত যিমান পাৰে প্ৰচাৰৰ বাবে অনুৰোধ জনায়। এই অনুষ্ঠানত অতিথি বক্তা হিচাবে বঙাইগাঁও বি.এড.কলেজৰ প্ৰৱক্তা ডঃ বি.এল.শৰ্মা, বঙাইগাঁও কলেজৰ ৰাজনৈতিক বিভাগৰ প্ৰবক্তা মানসী দাস আৰু বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বলিচৰণ ৰায় উপস্থিত থাকি ভোটাধিকাৰৰ গুৰুত্ব আৰু এই ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত আমাৰ কৰ্তব্য তথা সকলোৰে মাজত এই সম্পৰ্কত সচেতনতা অনাৰ বাবে ল'ব পৰা ব্যৱস্থা সম্পৰ্কত ভাষণ প্ৰদান কৰে।অনুষ্ঠানত উপস্থিত থকা এগৰাকী ছাত্ৰীয়ে দেশভক্তিমূলক গীত পৰিৱেশন কৰাৰ লগতে আন এগৰাকী ছাত্ৰীয়ে বিহু নৃত্যও পৰিৱেশন কৰে ৷ অনুষ্ঠানত বঙাইগাঁও সদৰৰ শিক্ষানুষ্ঠান সমূহৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীয়ে ভাগ লোৱা এই সজাগতা অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় বঙাইগাঁৱৰ নিৰ্বাচনী বিষয়া বেণু মোছাহাৰীয়ে। অনুষ্ঠানত বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে সাংবাদিকসকল উপস্থিত থাকে।

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা