অৱসৰী বিষয়া-কৰ্মচাৰীৰ বিদায় সভা সম্পন্ন

পঙ্কজ নাথ, চাংসাৰি, ৪ নৱেম্বৰ :

আজি বুধবাৰে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ চেনীকুঠিস্থ সঞ্চালকৰ কাৰ্যালয়ত পৰিসংখ্যা শাখাৰ এখন বিদায়ী সম্বৰ্ধনা সভা অতি সুকলমে অনুষ্ঠিত হৈ যায়। কবি, প্ৰবন্ধকাৰ, পৰিদৰ্শকৰূপে কৰ্মৰত পুলকেশ ৰায় বৰুৱাই আঁত ধৰা সভাখনত পৰিসংখ্যা বিষয়া ভবেন দাস, সংগণক পদত কাম কৰা ভৰত চন্দ্ৰ শইকীয়া আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী জালাল আলীক বিদায় বেলাত ফুলাম গামোচা, ফুলৰ থোপা, কিতাপ, শৰাই আৰু প্ৰশস্তি পত্ৰৰে সন্মান যঁচা হয়। উপ-পৰিদৰ্শক মৌচম স্মৃতি দত্তৰ কবিতা আবৃত্তিৰে জীপাল হোৱা সভাখনত ভাৰপ্ৰাপ্ত জ্যেষ্ঠ গৱেষণা বিষয়া কামাৰুদ্দিন আহমেদে এক ৰসাল বক্তব্য ডাঙি ধৰি কয় --' আজিৰ অৱসৰী বিষয়া-কৰ্মচাৰী কেইজনে নিজস্ব দক্ষতা দেখুৱাই চাকৰিকাল সমাপ্ত কৰিলে। মানৱ জীৱনৰ প্ৰতিটো দশা যেনে শিশুকাল, যৌৱন প্ৰাপ্তিৰ ক্ষণ, বৈবাহিক সময়কণ, চাকৰিকাল সৱখিনি সময়কে মনোগ্ৰাহীকৈ উপভোগ্য কৰি তুলি লৈ ধনাত্মকভাৱে আগবাঢ়ি যাব লাগে।' অৱসৰী বিষয়া ভবেন দাসে নিজ ভাষণত কয় যে -' মানুহে কেতিয়াও ধৈৰ্য হেৰুৱাব নালাগে, নিজৰ মতত কাম কৰি যাব লাগে আৰু একদম সময়ত সময়ৰ কামবোৰ নিয়াৰিকৈ হ'ব যে সেইয়া ধুৰুপ।' সভাত ভৰত চন্দ্ৰ শইকীয়াই কয় যে --' এই বিভাগক তেখেতে জীৱনৰ অপৰাহ্ন পৰলৈ নাপাহৰে বুলি।' আৱেগিক ভাষণেৰে মানুহৰ মন সেমেকাই তোলা জালান আলীয়ে বিভাগটোক প্ৰাণভৰি ভালপোৱাৰ কথা সাৱলীলভাৱে ব্যক্ত কৰে। গৱেষণা বিষয়া বিচিত্র মেধিয়েও মনৰ কথা কোৱা সভাখনত পৰিদৰ্শক শৈলেন কলিতা, সংগণক নবাব আলী-নৃপেন দাস-চৰিফা বেগম, ক্ষেত্ৰ সহায়ক নয়নজ্যোতি দাস-ৰঞ্জিত বৰ্মন-দীপক কাকতি-ৰোফিক আলী, মীৰা দাসসহ কেইবাজনো দৰ্শক উপস্থিত থাকে। সভাৰ শেষত প্ৰীতি ভোজনৰ এক পৰ্ব ৰখা হয বুলি জানিব পৰা গৈছে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা