মূকাভিনয় কৰ্মশালা



ষ্টাফৰিপোৰ্টাৰ,১ ,নৱেম্বৰ :  গুৱাহাটীৰ মাইম একাডেমীৰ উদ্যোগত আৰু সংগীত নাটক অকাডেমি,নতুন দিল্লীৰ সহযোগিতাত " মাইম ফৰ লাইভলিহুদ" (Mime for Livelihood) শীৰ্ষক এক মূকাভিনয় কৰ্মশালাৰ আয়োজন কৰা হৈছে। সংগীত নাটক অকাডেমি বঁটা প্ৰাপক মূকাভিনয় শিল্পী মইনুল হকৰ তত্ত্বাৱধানত হ'বলগীয়া এই কৰ্মশালা ৯ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰ,২০২০ লৈ অনুষ্ঠিত হব। কৰ্মশালাত অংশগ্ৰহণৰ বাবে  আগ্ৰহী সকলে  
minangkadeka@gmail.com ই-মেইল যোগে যোগাযোগ কৰিব পাৰিব বুলি
কৰ্মশালাৰ সমন্বয়ক মিনাংক ডেকাই জানিবলৈ দিছে।

Comments