নগাঁও ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৮নবেম্বৰঃ নগাঁও জিলাৰ অগ্ৰণী কাৰিকৰী প্ৰতিষ্ঠান নগাঁও ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ২০২০-২১ বৰ্ষৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন বুধবাৰে শান্তিপূৰ্ণ ভাৱে সমাপ্তি ঘটে ৷ এই বৰ্ষৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াৰ পদত সাধাৰণ সম্পাদক হিচাপে নিতুপম কোৱৰ, সাংস্কৃতিক সম্পাদক হিচাপে কৌশিক গন্ধিয়া, ক্ৰীড়া সম্পাদক হিচাপে নীল মাধব বৰুৱা আৰু স্বচ্ছ অভিযান সম্পাদক হিচাপে ৰাজেশ শইকীয়া নিৰ্বাচিত হয় ৷ এই নিৰ্বাচন প্ৰক্ৰিয়া প্ৰতিষ্ঠানৰ জেষ্ঠ অধ্যক্ষ অম্বিৰাম মালাকাৰৰ লগতে প্ৰতিষ্ঠানৰ প্ৰশিক্ষকসকলে সুচাৰুৰূপে পৰিচালনা কৰে

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা