পৰ্যটন মানচিত্ৰত নতুনকৈ সংযোজন হ'ল জামুগুৰিহাটৰ পানপুৰঘাট

পৰ্যটকৰ বাবে মুকলি হ'ল পানপুৰ বনাঞ্চল। 
#পানপুৰঘাটক পৰ্যটনথলীৰূপে গঢ় দিয়াৰ সপোন আজি পূৰণ হৈছে-পদ্ম হাজৰিকা৷

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২১ নৱেম্বৰ:কাজিৰঙা বুলি ক’লে অথবা পৰ্যটনথলী বুলি ক’লে কহঁৰা,বাগৰী এই নামদুটাই মানুহে শুনিছিল কিন্তু আজি কাজিৰঙাত নতুনকৈ সংযোজন হ’ল পৰ্যটলস্থলী পানপুৰ৷য’ত মোৰ পানপুৰক লৈ কৰা সপোন জড়িত হৈ আছিল৷৮৫ চনৰ পিছত আমাৰ চৰকাৰৰ দিনত সপ্তম,অষ্টম আৰু নৱম সংযোজনৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক মাটি দিয়া হৈছে আৰু সেই মাটিৰ পৰিমাণ অনুপাততৌ কহঁৰা-বাগৰীতকৈও গুৰুত্বপূৰ্ণ স্থান এই পানপুৰ হ’ব৷কাৰণ বৰ্তমান কাজিৰঙাৰ জীৱ-জন্তু এইদিশলৈ বেছিকৈ আহিবলৈ লৈছে৷তদুপৰি এই পৰ্যটনস্থলীত জীপ চাফাৰি হাতী চাফাৰীৰ ব্যৱস্থা কৰাত যথেষ্ট সম্ভাৱনা পূৰ্ণ হৈ পৰিল পানপুৰ৷এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ৷অসমৰ পৰ্যটন মানচিত্ৰত আজিৰ পৰা নতুনকৈ সংযোজন হোৱা জামুগুৰিহাটৰ পানপুৰঘাটৰ পৰ্যটনস্থলীৰ লগতে জীপ চাফাৰি মুকলি অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকি এইদৰে কয় বিধায়ক হাজৰিকাই৷পানপুৰ হাইস্কুলৰ প্ৰধান শিক্ষক বিশ্ব হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি অনুষ্ঠানটোত অলপতে কাজিৰঙাৰ নৱম সংযোজনৰ অন্তৰ্ভুক্ত বৃহৎ ভূমিৰাশিৰ মাটিসমুহ কিদৰে সেই অঞ্চলসমুহত চৰকাৰী মাটি বেদখল কৰি অবৈধভাৱে বসবাস কৰা সন্দেহযুক্ত নাগৰিকক প্ৰশাসনৰ জৰিয়তে উচ্ছেদ চলাই বহু বাধাবিঘিনি নেঁওচি মুক্ত কৰিবলগীয়া হৈছিল সেই সময়ৰ ঘটনাসমুহৰো সভাত ৰোমন্থন কৰে বিধায়ক হাজৰিকাই৷কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ  অন্তৰ্গত পানপুৰ বনাঞ্চলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰখনৰ সঞ্চালক পি শিৱকুমাৰৰ উপস্থিতিত বিধায়ক  পদ্ম হাজৰিকাই আনুষ্ঠানিকভাৱে পৰ্যটনৰ বাবে মুকলি কৰি দিয়াৰ পাছতে শোণিতপুৰ জিলাৰ উপাযুক্ত  মানবেন্দ্ৰ প্ৰতাপ সিং, বিশ্বনাথৰ উপাযুক্ত প্ৰণৱ কুমাৰ শৰ্মা, বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডল প্ৰাধিকাৰি  মুকুট  দাসকে ধৰি সকলোৱে ১১খন জীপ চাফাৰিৰ জৰিয়তে পানপুৰ বনাঞ্চলৰ ভিতৰভাগ পৰিভ্ৰমণ কৰি নৈসৰ্গিক দৃশ্যও উপভোগ কৰে।বৰ্তমান জীপ আৰু হাতী চাফাৰিৰ জৰিয়তে পৰ্যটকে পানপুৰ বনাঞ্চলৰ  ভিতৰত থকা পৃথিৱী বিখ্যাত এশিঙীয়া গড়,হাতী,নল গাহৰি,বাঘকে ধৰি বিভিন্ন প্ৰকাৰৰ হৰিণাৰ লগতে শীতৰ আগমনৰ লগে লগে দেশ বিদেশৰ পৰা উৰি আহি বিল জলাশয়ত আশ্ৰয় লোৱা পৰিভ্ৰমী চৰাই স্বচক্ষে প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিব।উল্লেখ্য যে পৰ্যটকৰ বাবে পানপুৰ বনাঞ্চল মুকলি কৰা অনুষ্ঠানটিত প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰি পাৰিপাৰ্শ্বিকতাৰ হেতু কাম কৰা জামুগুৰিহাটত ৫ টাকৈ সংগঠণক মুঠ ২৫ লাখ টকাৰ চেক প্ৰদান কৰে বিধায়ক হাজৰিকাই৷
জোন বৰা ,জামুগুৰিহাট৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা