সদৌ জামুগুৰি ছাত্ৰ সন্থা আৰু জামুগুৰি উন্নতি সভাৰ উদ্যোগ
ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,৪ নবেম্বৰ:সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নৱম মৃত্যু দিৱসৰ লগত সংগতি ৰাখি ৫ নৱেম্বৰ দিনটোত সদৌ জামুগুৰি ছাত্ৰ সন্থা আৰু জামুগুৰি উন্নতি সভাৰ উদ্যোগত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক বিজ্ঞান,কলা আৰু বাণিজ্য শাখাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক অভিনন্দন জনাবৰ বাবে জামুগুৰিহাটৰ বাপুজি ভৱন নাট্যমন্দিৰত এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে৷মহামাৰী ক’ৰনাৰ ভয়াবহতাৰ বিৰুদ্ধে চলি থকা প্ৰতিৰোধ সংগ্ৰামৰ পৰিপ্ৰেক্ষিতত কিছু পলমকৈ ক’ভিড প্ৰট'কল মনাটো বাধ্যতামূলক কৰি আয়োজন কৰা এই অভিনন্দন অনুষ্ঠানত জামুগুৰিহাটৰ লগতে সমগ্ৰ নদুৱাৰৰ প্ৰায় ৩২০ গৰাকী ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱাৰ কাৰ্যসুচী হাতত লৈছে উদ্যোক্তাসকলে৷উক্ত দিনাৰ কাৰ্যসুচী অনুসৰি পুৱা ৯ বজাত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম উন্নতি সভাৰ পতাকা উত্তোলন কৰিব সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ সভাপতি ধুৰ্জত গোস্বামী আৰু জামুগুৰি উন্নতি সভাৰ সভাপতি ইন্দ্ৰ প্ৰসাদ শইকীয়াই৷৯:৩০ বজাত শ্বহীদ তৰ্পন অনুষ্ঠান মুকলি কৰিব সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক উদ্দীপ্ত কাশ্যপ আৰু উন্নতি সভাৰ সাধাৰণ সম্পাদক নৱ শৰ্মাই৷পুৱা ১০ বজাত শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক লক্ষ্যজ্যোতি হাজৰিকাই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্জ্বলন কাৰ্যসুচী মুকলি কৰাৰ পিছতেই ১১ বজাত দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বিপুল বৰাই উদ্বোধন কৰিব বিশেষ অভিনন্দন অনুষ্ঠানটিৰ৷বিশেষ অভিনন্দন অনুষ্ঠানটিত সঞ্চালক হিচাপে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিত নাথ,মূখ্য অতিথি হিচাপে ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অজিত হাজৰিকা,সন্মানীয় অতিথি হিচাপে দিকৰাই চাহ বাগিছাৰ মূখ্য পৰিচালক সীমান্ত বৰদলৈ,দ্বাদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক প্ৰণৱজ্যোতি গোস্বামী,ভাৰতীয় ষ্টেট বেংক জামুগুৰিহাট শাখাৰ পৰিচালক নোমল পেগু আৰু আমন্ত্ৰিত অতিথি হিচাপে কৃতিত্ব অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলে শিক্ষাগ্ৰহণ কৰা বিদ্যালয়ৰ অধ্যক্ষ তথা প্ৰধান শিক্ষকসকলে আসন অলংকৃত কৰিব৷বিশেষ অভিনন্দন অনুষ্ঠানটিত সকলোকে সামাজিক দূৰত্ব মানি আৰু মাস্ক পৰিধান কৰি সহযোগীতা আগবঢ়াবলৈ অনুৰোধ জনাইছে উদ্যোক্তাসকলে৷
জোন বৰা ,জামুগুৰিহাট৷
Comments
Post a Comment