ৰঙিয়াত পথ দুৰ্ঘটনাত আহত যুৱকৰ মৃত্যু

প্ৰতিবেদক, ৰঙিয়া, ২৯ নৱেম্বৰঃ দুদিন ধৰি উত্তৰ গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি যুঁজি অৱশেষত যোৱা নিশা মৃত্যুৰ ওচৰত হাৰ মানে ৰঙিয়া সুন্ধিয়াৰ নিৰঞ্জন  বৈশ্যই।  মাত্ৰ ৩০ বছৰ গৰকা দিন হাজিৰা কৰি কোনোমতে সংসাৰ পোহপাল দিয়া নিৰঞ্জন বৈশ্যৰ অকাল মৃত্যুই অঞ্চলটোত শোকৰ ছাঁ নামি অহাৰ লগতে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী হোৱা বাবে পৰিয়ালত অমানিশা নামি আহে। পৰিয়ালৰ সূত্ৰ অনুসৰি যোৱা ২৫ নৱেম্বৰত গাওঁতেই ৰাস্তাৰ কাষত লগৰীয়াৰ লগতে কথা পাতি থাকোতে এখন তীব্ৰবেগী মটৰ চাইকেলে খুন্দামৰাত বৈশ্যই গুৰুতৰ ভাৱে আহত হয়। তেওঁক লগে লগে সংকটজনক অৱস্থাত উত্তৰ গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তাত যোৱা নিশা তেওঁৰ মৃত্যু হয়। ইপিনে দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ৰঙিয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহত বৈশ্যক ৰাইজৰ সহযোগত চিকিৎসালয়লৈ পঠোৱাৰ ব্যৱস্থা কৰাৰ লগতে মটৰ চাইকেলখন জব্দ কৰে। দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেলখন সুন্ধিয়া বৰমূৰাৰ সোনেশ্বৰ দাসৰ বুলি জনা গৈছে। মৃত্যুৰ সময়ত বৈশ্যই পত্নীৰ লগতে মাত্ৰ তিনি বছৰীয়া কনমানি শিশু এটিক এৰি থৈ যায়।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা