আমিনগাঁৱত ভাৰতীয় জনতা পাৰ্টিৰ বেজেৰা মণ্ডল মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

পঙ্কজ নাথ, চাংসাৰি, ২১ নৱেম্বৰ 

কামৰূপ জিলাৰ অন্তৰ্গত আমিনগাঁৱৰ যুৱ বিকাশ কেন্দ্ৰত আজি ভাৰতীয় জনতা পাৰ্টিৰ বেজেৰা মণ্ডল মহিলা মৰ্চাৰ নৱ নিযুক্ত সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । সভাত আগন্তুক বিধান সভা নিৰ্বাচন আৰু দলৰ সাংগঠনিক কাম কাজৰ অধিক গতি প্ৰদান বাবে আলোচনা হয়। বেজেৰা মণ্ডল মহিলা মৰ্চাৰ নৱ নিৰ্বাচিত সভানেত্রী মুন দাসৰ সঞ্চালনাত আজিৰ সভাখন অনুষ্ঠিত হয়। কাৰ্যনিৰ্বাহ সভাখনত বিজেপিৰ ৰাজ্যিক অংশগ্ৰহণ কৰি বিজেপি নৰেন্দ্ৰ মোডী চৰকাৰ আৰু সৰ্বানন্দ সোনোৱাল চৰকাৰে লোৱা উন্নয়নমূলক আঁচনি কথা ব্যাখ্যা কৰে। ইয়াৰ লগতে মহিলাসকলক স্বনিৰ্ভৰশীল কৰাৰ বাবে লোৱা আচনি সুবিধা লবলৈ সমাজক আহ্বান জনাই। লগতে কংগ্ৰেছ, এআইডিইউএফ আৰু নতুনকৈ গঠিত দলবোৰে কোনো পধ্যেই  বিজেপি দলক ক্ষতি কৰিব নোৱাৰে বুলিভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী  গীতা বৰাই মন্তব্য  আগবঢ়াই। সভাত বক্তব্য ৰাখি বেজেৰা মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী  মুন দাসে জনতা পাৰ্টীৰ দলে লোৱা জন কল্যাণকামী বিভিন্ন আঁচনিবোৰৰ সফল ৰূপায়নৰ জৰিয়তে বেজেৰা মণ্ডলত আগন্তুক বিধান সভা নিৰ্বাচনত দলৰ সাংগঠনিক দিশটো অধিক শক্তিশালী কৰিবলৈ মহিলা মৰ্চাৰ সকলো কৰ্মীবৃন্দকে আহ্বান জনায়।বেজেৰা মণ্ডল মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা অঞ্জলী বৰা মজুমদাৰে আঁত ধৰা সভাখনত ৰাজ্যিক বিজেপি যুৱ মৰ্চাৰ উপ-সভানেত্ৰী ভাস্বতী ডেকা, গুৱাহাটী মহানগৰ জিলাৰ  সম্পাদক তথা মহিলা মৰ্চাৰ প্ৰভাৰী উৎপল দাস, গুৱাহাটী মহানগৰ জিলাৰ সদস্য অৰূন বড়ো, গুৱাহাটী মহানগৰ জিলাৰ মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা ধৃতিমালা দাস, ভাবিতা দাস প্ৰমূখ্যে কেইবাগৰাকী ৰাজ্যিক তথা বেজেৰা মণ্ডলৰ বিষয়ববীয়া তথা সদস্যসকলে অংশগ্ৰহণ কৰে।

কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা