চিমেণ্ট ডিলাৰসকলৰ পাৰিশ্ৰমিক প্ৰদানৰ সুবিধাৰ্থে ডালমিয়া চিমেণ্ট আৰু পেইটিএমৰ ডিজিটেল ব্যৱস্থাপনা



 ষ্টাফ ৰিপ'ৰ্টাৰ,,,,৪ নৱেম্বৰ
ডালমিয়া চিমেন্টে ভাৰতৰ গৃহজাত অৰ্থনৈতিক সেৱাৰ প্লেটফৰ্ম পেইটিএমৰ সৈতে যুক্ত হৈ দেশৰ সকলো প্ৰান্তৰ ডিলাৰ আৰু খুচুৰা বিক্ৰেতাসকলক নগদ টকা বিহীন পাৰিশ্ৰমিক প্ৰদানৰ ব্যৱস্থা কৰিছে। এই সন্দৰ্ভত ডালমিয়া চিমেণ্ট (ভাৰত)  লিমিটেডৰ কাৰ্যবাহী সঞ্চালক আৰু মাৰ্কেটিং হেড প্ৰমেশ আৰয়াই কয়"-কোম্পানী হিচাপে ডালমিয়া চিমেণ্টৰ ডিজিটেলকৰন ব্যৱস্থাপনাই প্ৰথমেই আমাৰ ডিলাৰ আৰু খুচুৰা বিক্ৰেতা সকলক তেওঁলোকৰ দৈনন্দিন ব্যৱসায়িক লেন-দেনত সহায় কৰিব"। আনহাতে, এই সন্দৰ্ভত পেইটিএম ৰ জ্যেষ্ঠ উপ-সভাপতি কুমাৰ আদিত্যই কয়"-আমি ডালমিয়া চিমেণ্টৰ সৈতে অংশীদাৰ হৈ ডিলাৰ আৰু খুচুৰা বিক্ৰেতা সকলক ডিজিটেল লেন-দেনত সৱল কৰিব পাই সুখী হৈছোঁ, যিয়ে আত্ম নিৰ্ভৰ ভাৰত গঠনত অৱদান আগবঢ়াব"। উল্লেখযোগ্য যে, নূন্যতম ডকুমেণ্টছ ব্যৱহাৰৰ দ্বাৰা নিয়োগ পত্ৰত চহী কৰি ডালমিয়া চিমেণ্টৰ ডিলাৰ সকল পেইটিএম বিপণনকাৰী হ'ব পাৰিব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা