জামুগুৰিহাটৰ মধুপুৰতমহেশ্বৰ বৰাৰ সোৱৰণত শিশুৰ মনোজ্ঞ অনুষ্ঠান

জামুগুৰিহাটৰ মধুপুৰত
মহেশ্বৰ বৰাৰ সোৱৰণত শিশুৰ মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত।
ফাৰ্ষ্ট নিউজ, জামুগুৰিহাট,১৬ নবেম্বৰ : বৃহত্তৰ জামুগুৰিহাটৰ মধুপুৰ গাৱৰ সমাজ কৰ্মী মহেশ্বৰ বৰাৰ সোঁৱৰণত শিশু দিৱসৰ লগত সংগতি ৰাখী কালি  এখনি শিশু প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । এগৰাকী সমাজ কৰ্মী শংকৰী কলা কৃষ্টিৰ সাধক ৰুপে খ্যাত মহেশ্বৰ বৰাৰ পুত্ৰ জোন বৰাৰ উদ্যোগত মধুপুৰ মহিলা গাঁও উন্নয়ণ সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা এই শিশুৰ প্ৰতিযোগিতা খনত ঘোষা,অাধুনিক গীত,জ্যোতি সংগীত,অাধুনিক নৃত্য,ভেশচন  অাদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে টেকেলি ভঙা,সংগীত চকী,উঠা বহা,কাবাডি খেলো অনুষ্ঠিত হয়।প্ৰয়াত মহেশ্বৰ বৰাৰ স্মৃতিৰ বন্তি জ্বলাই পম্পী বৰাৰ বৰগীতৰে মুকলি কৰা প্ৰতিযোগিতা খনিত সঞ্চালকৰ অাসন অলংকিত কৰে শৈলেন বৰাই।মধুপুৰ মহিলা গাঁও উন্নয়ণ সমিতিৰ সম্পাদিকা সুৰ্বণ বৰাই অাঁত ধৰা এই অনুষ্ঠানত বিচাৰক হিচাপে উপস্থিত থাকে মৰনা কুৰি গাঁৱৰ গাঁওবুঢ়া বিভিন্ন শিশু অনুষ্ঠানৰ লগত জড়িত ব্যক্তি মৰনাকুৰি মইনা পাৰিজাতৰ সভাপতি প্ৰেম কান্ত শইকীয়াৰ লগতে বাৰেচহৰীয়া মহিলা সভাৰ সাংস্কৃতিক সম্পাদিকা চিন্তা মনি হাজৰিকা।প্ৰয়াত মহেশ্বৰ বৰাই জীবিত অৱস্থাত শিশু সকলৰ লগত খেলা ধুলা উপৰিও বিভিন্ন প্ৰতিযোগিতা তেওঁ নিজা ববিয়াকৈ অনুষ্ঠিত কৰি অাহিছিল যদিও মৰোনোত্তৰ কালত বৰাই কৰি ভাল পোৱা কিছু স্মৃতি যুগমীয়া কৰিবৰ কাৰনে সাংবাদিক পুত্ৰ জোন বৰাই প্ৰতিযোগিতাৰ সামন্তৰালকৈ  এখনি মুল সভাও অনুষ্ঠিত কৰে।ৰিংকি মনি বৰাই এটি বৰগীতৰে অাৰম্ভ কৰা সভা খনত সভাপতিত্ব কৰে মধুপুৰ গাঁও উন্নয়ণ কমিতিৰ সভাপতি ৰত্নেশ্বৰ বৰাই।শোণিতপুৰ জিলা মইনা পাৰিজাতৰ সম্পাদক সংগ্ৰাম ৰতন ৰাজবংশী নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি শিশু সকলৰ এই অনুষ্ঠানত বহল বক্তিতাৰে শিশু সকলক অাকৰ্ষণ কৰে।উক্ত সভাত মধুপুৰ মহিলা সকলে দিহা নাম শিশু সকলৰ সমবেত সংগীত বিভিন্ন নাচ গানৰ লগতে অামন্ত্ৰিত শিশু শিল্পী বিশালতা নন্দা ৰাজবংশীৰ গীতৰে অনুষ্ঠানটি মনোজ্ঞ কৰি টোলে। উল্লেখ্যযে প্ৰয়াত মহেশ্বৰ বৰা ২০১৯ বৰ্ষৰ ২৬ অক্টোবৰৰ দিনা কৰ্মস্থানৰ পৰা ঘৰলৈ ঘুৰি অহাৰ পথত উচ্চ ৰক্ত চাপত অাক্ৰান্তহৈ পথৰ কাষতে তেখেতে মৃত্যুক আঁকোৱালি লব লগা হৈছিল। প্ৰয়াত সমাজকৰ্মীগৰাকীৰ সোৱৰণীত অনুষ্ঠানটিত অনুষ্ঠানটিত  জোনা শইকীয়া,সুৰ্বণ বৰা,পিঞ্জুম হাজৰিকাই শিশু সকলৰ সামাজিক অৱদানৰ বিষয়ে এক চমু আলোকপাত কৰে। নদুৱাৰ প্ৰেছ ক্লাৱৰ সভাপতি ফণিন্দ্ৰ বৰুৱা,ৰাজমনি ভূঞাঁকে প্ৰমূখ্য কৰি বহুকেই জন সাংবাদিক,সমাজ কৰ্মী উপস্থিত থকা সভা খনৰ শেষত জোন বৰাই সকলোকে শলাগ লৈ সভা সামৰণী কৰে।
জোন বৰা,জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা