সংবাদ জগতত নৱতম সংযোজন সাপ্তাহিক বাতৰি কাকত "ৰনাংগণ"

সংবাদ জগতত নৱতম সংযোজন সাপ্তাহিক বাতৰি কাকত "ৰনাংগণ" #


#"সংবাদ পত্ৰ সমাজৰ দাপোন স্বৰূপ"--বিধায়ক ৰূপক শৰ্মা#


নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১০ নবেম্বৰ:"সংবাদ পত্ৰ সমাজৰ দাপোন স্বৰূপ । বিভিন্ন ক্ষেত্ৰত ঘটি থকা ঘটনা প্ৰবাহৰ খবৰ সংবাদ মাধ্যমে ৰাইজৰ ওচৰলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। সেয়ে সমাজত সংবাদ মাধ্যমৰ গুৰুত্ব অপৰিসীম।" এই মন্তব্য নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ। নগাঁৱৰ "ৰণাংগন" প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা সাপ্তাহিক "ৰণাংগন" কাকত মুকলি কৰি দিয়া ভাষণত বিধায়কগৰাকীয়ে কয়- এই কাকতখনৰ সংযোজনে নগাঁৱৰ আৰ্থ-সামাজিক ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। নিজে দীৰ্ঘদিন ধৰি বাতৰি কাকত বিতৰকৰ লগত জড়িত থকাৰ কথা উল্লেখ কৰি কয়- এসময়ত নগাঁও জিলাত বাতৰি কাকতৰ প্ৰচলন আন জিলাৰ তুলনাত যথেষ্ট বেছি আছিল। বাতৰি বিতৰকৰ প্ৰতিযোগিতাত আমাৰ প্ৰতিষ্ঠান ৰুমী-ৰূপকৰ নাম প্ৰথম বা দ্বিতীয় স্থানত থাকে। টি ভি, পৰ্টেলৰ যুগত এখন সাপ্তাহিক কাকত চলাই থকাতো প্ৰত্যাহ্বানমূলক কাম। এই প্ৰত্যাহ্বান নেওচি "ৰণাংগন" জীয়াই থাকিব লাগিব। নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নৈ কথা উল্লেখ কৰি বিধায়কগৰাকীয়ে কয়- কলঙক লৈ আমাৰ অলেখ সপোন আছে। ১৯৬৪ চনৰ পৰা বন্ধ হৈ থকা কলঙৰ মুখত শ্লুইচ গেট দি কলঙক পুনৰ বিজ্ঞানসন্মতভাৱে বোৱাই নিয়াৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইতিমধ্যে ইয়াৰ কাম আৰম্ভ হৈছে। অহা বাৰিষাৰ আগে আগে নগঞা ৰাইজে কলঙত পূৰ্বৰ ৰূপ দেখিবলৈ পাব। বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত কাকতখনৰ উন্মোচনী অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ডঃ  আবু হানিফা, এ ডি পি কলেজৰ অধ্যক্ষ ডঃ  সুৰজিত ভাগৱতী, নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা আদিয়ে ভাষণ দি বাতৰি কাকত প্ৰকাশ কৰাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাৰ কথা উল্লেখ কৰি কয়- প্ৰত্যেক কাকতেই নিজৰ মতাদৰ্শত অটল হৈ থাকিলেহে কাকতখন শক্তিশালী হৈ উঠিব। নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী টোডী ভৱনত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱা, সাহিত্যিক ৰতি মোহন নাথ, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য ভৱেশ মেধি, আব্দুল খৈয়েৰ আহমেদ, স্বপ্না কলিতা, জ্যেষ্ঠ অধিবক্তা শুকুৰাম দাস, জিলা সাহিত্য সভাৰ উপ-সভাপতি থগিত মহন্ত আদিয়ে অংশগ্ৰহণ কৰে।  ভায়লিনা শইকীয়াই আঁ‌ত ধৰা অনুষ্ঠানত কাকতখনৰ সম্পাদনা উপদেষ্টা শিৱপ্ৰসাদ বৰা আৰু সম্পাদক মিন্টু দাসে কাকতখনৰ বিষয়ে বিৱৰি কয়। উল্লেখ্য যে, "ৰণাংগন" প্ৰকাশনৰ স্বতাধিকাৰী সঞ্জীৱ বৰাই বিগত ১০ বছৰ ধৰি "ৰণাংগন" নামৰ এখন মাহেকীয়া বাৰ্তালোচনী প্ৰকাশ কৰি আহিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা