বিভিন্ন আশ্ৰমৰ প্ৰতিভাশালী শিশুসকলক পৰিৱেশ্য কলা আৰু সংগীতৰ বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰিব টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমী, গুৱাহাটীয়ে
ইয়াৰ শেহতীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে নতুন প্ৰযুক্তিৰ এক্সআৰ প্ৰযুক্তি
ষ্টাফৰিপোৰ্টাৰ, ১ নৱেম্বৰ - টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমী, (টিএছএ) গুৱাহাটী (এন একাডেমী অৱ ফিল্ম, মিউজিক এণ্ড পাৰফৰ্মিং আৰ্টছ) য়ে শীঘ্ৰে অঞ্চলটোৰ বিভিন্ন আশ্ৰমৰ পৰা ২৫ গৰাকী প্ৰতিভাশালী শিক্ষাৰ্থীক বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰিব আৰু তেওঁলোকক একাডেমীৰ সৰ্বশ্ৰেষ্ঠ পৰামৰ্শদাতাসকলৰ সৈতে প্ৰশিক্ষণ গ্ৰহণৰ সুযোগ প্ৰদান কৰিব। এই একাডেমীয়ে অঞ্চলটোৰ বিভিন্ন আশ্ৰমৰ পৰা প্ৰতিভাশালী তথা অৱহেলিত শিশুসকলক প্ৰশিক্ষণ দিবলৈ আৰু তেওঁলোকক এক পেছাদাৰী মঞ্চ প্ৰদান কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে।
প্ৰতিযোগিতামূলক মনোৰঞ্জন উদ্যোগত স্বতন্ত্ৰ শিল্পী আৰু উদ্যোগী গঢ়ি তোলাৰ বাবে, টি-ছিৰিজ ষ্ট্ৰেজৱৰ্কছ একাডেমীয়ে ইয়াৰ শেহতীয়া এক্সআৰ প্ৰযুক্তিক শেহতীয়া পাঠক্ৰমত অন্তৰ্ভুক্ত কৰিবলৈ এম.এম.বি.এল. এণ্টাৰটেইনমেণ্টৰ সৈতে সহযোগিতা স্থাপন কৰিছে।
এইচএমবিএল এণ্টাৰটেইনমেণ্ট এণ্ড ড্ৰীম হাউচ প্ৰডাকশ্যনজ প্ৰাইভেট লিমিটেডে যুটীয়াভাৱে প্ৰথমবাৰৰ বাবে এক্সআৰ প্ৰযুক্তি বাণিজ্যিকভাৱে ভাৰতলৈ আনিছে আৰু ভিডিঅ' গেম ইঞ্জিন ব্যৱহাৰ কৰি মোশ্যন পিকশ্যাৰ কাৰ্যকৰীভাৱে প্ৰস্তুত কৰিবলৈ এনে প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। এক্সআৰ প্ৰযুক্তি ব্যৱহাৰ কৰি উন্নত ভাৰ্চুৱেল প্ৰযুক্তিৰ আপডেট কৰা পাঠ্যক্ৰমটো ইয়াৰ অত্যাধুনিক সুবিধাৰ এক ভাৱবিনিময়ী প্ৰদৰ্শনত আকাংক্ষী শিক্ষাৰ্থীসকলৰ বাবে প্ৰকাশ কৰা হৈছে।
প্ৰতিষ্ঠানখনে ৰেকৰ্ডিং কলা, ভি.ভি.ভি.এছ., সৃষ্টিশীল কলা আৰু ব্যৱসায়িক কলাত স্বতন্ত্ৰ শিল্পী আৰু উদ্যোগীসকলৰ বাবে পাঠ্যক্ৰম আৰম্ভ কৰা "জাষ্ট এনাদাৰ বীং"ৰ সহযোগত মনোৰঞ্জন কলাক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিবৰ বাবে এক সামগ্ৰিক দৃষ্টিভংগী ল'বলৈ অধিক উচ্চাকাংক্ষী শিল্পীসকলক উদ্গনি দিব বুলি আশা কৰা হৈছে।
ভি.এফ এক্স শিল্পী আৰু ৰেড কেমেৰা অপাৰেটৰৰ এটা অভিজ্ঞতাসম্পন্ন দলে ৰেড পেছাদাৰী কেমেৰা আৰু ভি.এফ.এক্স স্ক্ৰীণিংৰ লাইভ প্ৰদৰ্শন কৰিব। এইচএমবিএল এণ্টাৰটেইনমেণ্টৰ দলটোৱে আগ্ৰহী শিক্ষাৰ্থীসকলক ৰিয়েল-টাইম ক্ৰ’মা, লাইভ ভিজুৱেল এফেক্ট ব্ৰেকডাউন, লাইভ প্ৰজেক্টিং (ইভেণ্টছ এণ্ড শ্বো প্ৰডাকশ্যন) আৰু আন বিভিন্ন উদ্যোগৰ গীয়েৰবোৰৰ সৈতে পৰিচয় কৰাব। প্ৰদৰ্শনৰ শেষত বিশেষজ্ঞসকলৰ সৈতে এক বাৰ্তালাপ অনুষ্ঠানৰো আয়োজন কৰা হ'ব, য'ত অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ সন্দেহ আঁতৰাব পাৰিব। আগ্ৰহী শিক্ষাৰ্থীসকলৰ বাবে, লাইভ প্ৰদৰ্শনৰ পিছত মডেলিং, গায়কী, চিনেমাটোগ্ৰাফী আৰু অভিনয়ৰ বাবে এক মুকলি ক্লাছৰূম ছেছনো ৰখা হ’ব।
লাইভ প্ৰদৰ্শন আৰু এইচএমবিএল এণ্টাৰটেইনমেণ্টৰ সৈতে সহযোগ সন্দৰ্ভত মন্তব্য কৰি, টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমীৰ সহযোগী অংশীদাৰ আৰু ড্ৰীম হাউচ প্ৰডাকশ্যনজ প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালিকা নীতা শৰ্মাই কয়, "এইচএমবিএল প্ৰযুক্তিৰ সৈতে সহযোগিতা কৰি আমি এই উচ্চ প্ৰতিযোগিতামূলক উদ্যোগত কেনেদৰে মানদণ্ডৰ সমল সৃষ্টি কৰিব পাৰো আৰু এই অঞ্চলৰ উচ্চাকাংক্ষী শিক্ষাৰ্থীসকলক সেয়া সুন্দৰভাৱে প্ৰদৰ্শন কৰি সমগ্ৰ উদ্যোগটোলৈ প্ৰাণ সঞ্চাৰ কৰিব পাৰো, তাৰেই প্ৰয়াস কৰিছো আমি।"
আমি অঞ্চলটোৰ বিভিন্ন আশ্ৰমৰ পৰা সংগীত আৰু পৰিৱেশ্য কলাত প্ৰতিভাশালী তথা দৰিদ্ৰ পৰিয়ালৰ ২৫ গৰাকী শিশুক প্ৰশিক্ষণ আৰু গঢ় দিয়াৰ সিদ্ধান্ত লৈছো যাতে তেওঁলোকে তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন আৰু সমৃদ্ধিৰ সুযোগ পায়।" তেওঁ লগতে এইদৰে কয়।
টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমী, গুৱাহাটীয়ে এই চহৰখনত এক বিশ্বমানৰ পোষ্ট প্ৰডাকশ্যনৰ সুবিধা উপলব্ধ কৰাইছে, লগতে শেহতীয়া তথ্য প্ৰযুক্তিৰ সংযোজন ঘটোৱা হৈছে। ইয়াত সংযোজন ঘটোৱা হৈছে বেছলাইট, ফাউণ্ড্ৰি নক আৰু ডলবি এটমোছৰ দৰে বিশ্বমানৰ সামগ্ৰী তথা প্ৰযুক্তি।
উল্লেখ্য যে এই বিশ্বমানৰ সুবিধাসম্পন্ন প্ৰতিষ্ঠানটোত পোষ্ট প্ৰডাকশ্যনৰ নতুন পাঠদান কাৰ্যসূচী অহা ২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব।
স্মৰ্তব্য যে প্ৰয়াত শ্ৰী গুলছন কুমাৰৰ দ্বাৰা স্থাপিত টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমী হৈছে এক অনবদ্য প্ৰয়াস, যাৰ দ্বাৰা দক্ষ, প্ৰতিভাসম্পন্ন লোকসকলক চিনাক্ত কৰি তেওঁলোকক বিশ্বমানৰ ৰূপ প্ৰদানৰ প্ৰয়াস কৰা হয়। আধুনিক আন্তঃগাঁথনি আৰু বিশ্বমানৰ সঁজুলিৰ উপৰিও, একাডেমীয়ে বিভিন্ন পাঠ্যক্ৰমৰ বাবে এক নিৰ্বাচিত উপদেষ্টা আৰু অতি প্ৰতিভাৱশালী শিক্ষকৰ এটা গোটৰ যোগেদি শ্ৰেষ্ঠতম শিক্ষা আগবঢ়ায়।
Comments
Post a Comment