৫ মাহ ধৰি সন্ধানহীন আগিয়াৰ গোৱালপৰীয়া গাঁৱৰ জানমণি নেছা

ন্যায় বিচাৰি হাহাকাৰ মহিলা গৰাকীৰ পিতৃ মাতৃৰ 

------------------


    গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত গোৱালপৰীয়া গাঁৱৰ বিবাহিত মহিলা এগৰাকী বিগত ৫ মাহ ধৰি সন্ধানহীন হৈ থকাৰ বাতৰি পোৱা গৈছে ৷ সন্ধানহীন মহিলা গৰাকীৰ নাম জানমণি  নেছা ৷ জানিব পৰা মতে গোৱালপৰীয়া গাঁৱৰ জানমণিৰ বিয়া হৈছিল ধুবুৰী জিলাৰ বিলাসীপাৰাৰ এখন ভিতৰুৱা গাঁৱত ৷ বিয়াৰ প্ৰায় এবছৰ পিছত যোৱা ১৬ জুন তাৰিখে বিলাসীপাৰাৰ স্বামীৰ গৃহৰ পৰা পিতৃৰ ঘৰলৈ ফুৰিবলৈ আহিছিল জানমণি ৷ পিতৃৰ ঘৰলৈ অহাৰ দিনাই টুকুৰা গাঁৱত থকা আলহী এঘৰলৈ ওলাই যোৱাৰ পিছতে সন্ধানহীন হৈ পৰে জানমণি ৷ ইতিমধ্যে কাষৰীয়া দুজন লোকে জানমণিক বাইকত তুলি অপহৰণ কৰা বুলি অৱগত হয় তেঁৱৰ পৰিয়াল ৷  লগে লগে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে আগিয়া আৰক্ষী থনাত এখন এজাহাৰ দাখিল কৰে ৷ পিছে, জানমণিৰ পৰিয়ালে অভিযোগ কৰা মতে ঘটনাটোত আৰক্ষীয়ে বিশেষ গুৰুত্ব আৰোপ কৰা নাই ৷ মাথোঁ অপহৰণকাৰী লোক দুজনক আটক কৰি জেল হাজোতলৈ পঠায়ে দায়িত্ব সামৰে আগিয়া আাৰক্ষীয়ে ৷ বৰ্তমান অভিযুক্ত অপৰাধী দুজন মুক্ত আকাশৰ তলত ৷ ইফালে ঘটনাৰ ৫ মাহ পিছতো আৰক্ষীয়ে সন্ধানহীন জানমণিৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নহ’ল ৷ ইয়াৰ বিপৰীতে আৰক্ষীয়ে অভিযোগকাৰী পৰিয়ালটোকহে সন্ধানহীন জানমণিৰ বিচাৰি উলিয়াই দিয়াৰ বাবে বিভিন্ন অত্যাচাৰ কৰাৰ অভিযোগ তুলিছে জানমণিৰ পৰিয়ালটোৱে ৷ গনে পৰিস্থিতিত বিগত ৫ মাহ ধৰি বিবাহিত জীয়েকৰ সন্ধানত এক প্ৰকাৰ বলিয়া হৈ পৰিছে জানমণি নেছাৰ পিতৃ মাতৃ ৷ দুৰ্ভগীয়া পৰিয়ালটোৰ লগতে অঞ্চলটোৰ ৰাইজেও বিচাৰিছে জানমণিৰ ঘটনাটোৰ উপযুক্ত তদন্ত ৷


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা