নগাঁৱত বন বিভাগৰ দ্বাৰা অবৈধ কাঠ ফলা মিল জব্দ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৭ নৱেম্বৰঃ নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে নগাঁও বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে জিলাখনৰ ৰূপহীহাট আৰু বঢ়মপুৰ অঞ্চলৰ পৰা অভিযান চলাই দুটাকৈ অবৈধ কাঠ ফলা মিলৰ লগতে অন্যান্য সামগ্ৰী সমূহ জব্দ কৰিবলৈ সক্ষম হয় ৷ আচলতে দীৰ্ঘদিন ধৰি অবৈধভাবে এই চোৰাং ব্যৱসায় চলাই আহিছিল এজন স্থানীয় ব্যৱসায়ীয়ে । শনিবাৰে এক গোপন সুত্ৰৰ পম খেদি নগাঁও বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ উপৰি বনপালক ৰঞ্জন কুমাৰ বৰা, গুপ্তা বৰা, বনকৰ্মী গোলাপী দেৱী, মোক্তাৰ হুছেইন, দেৱানন্দ বৰা উপস্থিত হৈ অতৰ্কিতে উক্ত অঞ্চলত অভিযান চলাই এইদৰে অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা