গোৱালপাৰা জিলাই লাভ কৰিলে ৰাষ্ট্ৰীয় জল বঁটা

গোৱালপাৰা জিলা বাসীৰ আন এক সুখবৰ ৷ গোৱালপাৰা জিলাই এই বেলি লাভ কৰিছে ৰাষ্ট্ৰীয় জল বঁটা ৷  জল সংৰক্ষণৰ ক্ষেত্ৰত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ বাবে গোৱালপাৰা জিলাক এই বঁটা প্ৰদান কৰা হয় ৷ বৰষুণৰ পানী সংৰক্ষণ, ভূজল সম্বন্ধীয় গৱেষণা, বিদ্যালয়ত জল পৰিশোধন, এমজিএনৰেগা আঁচনিৰ সৱলীকৰণ, মৎস্য পালন, ভূমি সংৰক্ষণ, কৃষি ক্ষেত্ৰত পানী যোগান, উৰপদ বিলৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা ইত্যাদি ক্ষেত্ৰত জিলা খনে শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি এই সন্মান আজুৰি আনিবলৈ সক্ষম হয় ৷ নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত তথা
দেশৰ উপ ৰাষ্ট্ৰপতিয়ে শুভ উদ্বোধন কৰা ৰাষ্ট্ৰীয় জল পুৰস্কাৰ সমাৰোহ খনত জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱাটৰ পৰা জিলাখনৰ হৈ এই বঁটা গ্ৰহণ কৰে গোৱালপাৰা জিলা উপায়ুক্ত বৰ্ণালী ডেকাই ৷


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা