নগাবন্ধাত সদৌ অসম প্ৰাইজমানি ক্ৰিকেট≈≈ভিক্ট'ৰিয়া ক্লাৱৰ অগ্ৰগতি
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১নৱেম্বৰঃ নগাবন্ধা মিনি ষ্টেডিয়ামত ইয়ং ষ্টাৰ ক্লাৱ আৰু নগাবন্ধা গ্ৰাম্য আৰ্থ-সামাজিক উন্নয়ন সংঘৰ উদ্যোগত চলি থকা ২২ সংখ্যক সদৌ অসম প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ খেলত মৈৰাবাৰীৰ ভিক্ট'ৰিয়া ক্ৰিকেট ক্লাৱে বৰিগাঁৱৰ ফাইভ ষ্টাৰ ক্ৰিকেট ক্লাৱক ৮২ ৰাণত হৰুৱাই অগ্ৰগতি লাভ কৰিছে। খেলখনত ভিক্ট'ৰিয়া ক্লাৱে পোনতে বেট ধৰি নিলোৎপল হাজৰিকাৰ ৩৩ আৰু নাহৰ উদ্দিনৰ ২১ ৰাণৰ উল্লেখনীয় অৱদানৰে ১৫ অভাৰত নটা উইকেটৰ বিনিময়ত ১৪৩ ৰাণ সংগ্ৰহ কৰে। বলিঙত ফাইভ ষ্টাৰ ক্ৰিকেট ক্লাৱৰহৈ কংকন টেৰন আৰু অমৰ ডেকাই তিনিটাকৈ উইকেট পায়। প্ৰত্যুত্তৰত ফাইভ ষ্টাৰ বৰিগাঁও ক্ৰিকেট ক্লাৱে বেট ধৰি নৱ ৰাজবংশীৰ ২৮ ৰাণৰ উল্লেখনীয় অৱদান স্বতেও বিপক্ষৰ বিধ্বংসী বলিঙৰ প্ৰকোপত ৯.২ অভাৰতে সকলোকেইটা উইকেট হেৰুৱাই ৬১ ৰাণহে কৰিবলৈ সক্ষম হয়। বলিঙত ভিক্ট'ৰিয়া ক্ৰিকেট ক্লাৱৰহৈ নিলোৎপল হাজৰিকা আৰু নজমুল হোছেইনে তিনিটাকৈ তথা পৱন ডেকাই দুটা উইকেট দখল কৰে।
==================
Comments
Post a Comment