ৰঙিয়াত মহকুমা প্ৰশাসনৰ অনলাইন প্ৰতিযোগিতাৰ বিজয়ীক পুৰস্কৃত

প্ৰতিবেদক, ৰঙিয়া ,১৭ নৱেম্বৰঃ
ৰঙিয়াৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত শিশু দিৱস উপলক্ষে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাত বিজয়ী হোৱা ছাত্ৰ ছাত্ৰী সকলক আজি সম্বৰ্ধনা জনোৱা হয়। সমগ্র দেশৰ লগতে ৰঙিয়া মহকুমা প্ৰশাসনে ১৪ নৱেম্বৰৰ দিনা পণ্ডিত জৱহৰলাল নেহৰুৰ জন্মদিনটো শিশু দিৱস হিচাপে উদযাপন কৰে।এইবেলি কোভিড-১৯ মহামাৰী সংক্রমণৰ পৰিপ্ৰেক্ষিতত কোভিড প্ৰট'কল মানি মহকুমা প্ৰশাসনে অনলাইন যোগে শিশু দিৱসৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰে। শিশু দিৱস উপলক্ষে অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতা সমূহৰ ফলাফল ঘোষণা কৰে যদিওঁ বিজয়ী সকলক  আজি পুৰস্কৃত কৰা হয়। ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালৰ সভাপতিত্বত অনুষ্ঠিত বটা বিতৰণী সভাত  একক অভিনয়ৰ প্ৰথম পুৰস্কাৰ প্ৰাপ্ত তৰণীৰ বিদ্যাজ্যোতি শিশু নিকেতনৰ মেঘাৰঞ্জনী কলিতা, দ্বিতীয় ৰঙিয়া চাৰ্চ পাব্লিক স্কুলৰ হৰ্ষিতা মহন্ত আৰু তৃতীয় স্থানত বৰদৈপখিয়াৰ তথা পুঠিমাৰী পায়'নিয়াৰ একাডেমীৰ ছাত্র হিমানজ্যোতি দাসক পুৰস্কৃত কৰা হয় । আনহাতে চিত্ৰাঙ্কণ প্ৰতিযোগিতাত ক-শাখাৰ প্ৰথম স্থানত ৰঙিয়া মহৰ্ষি বিদ্যামন্দিৰৰ ষষ্ঠ শ্ৰেণীৰ ছাত্রী স্নেহা দাস, দ্বিতীয় স্থানত মহৰ্ষি বিদ্যামন্দিৰৰ পঞ্চম শ্রেণীৰ ছাত্রী তথা নাগ্ৰীজুলিৰ বাসিন্দা ঈশিতা দাস, আৰু তৃতীয় স্থানত মহৰ্ষি বিদ্যামন্দিৰৰ চতুর্থ শ্রেণীৰ নিশিতা বৈশ্য, খ-শাখাৰ প্ৰথম বিভাগত ৰঙিয়া চাৰ্চ পাব্লিক স্কুলৰ অষ্টম শ্রেণীৰ ছাত্রী নিশিতৃষ্ণা কলিতা, দ্বিতীয় স্থানত ৰঙিয়া কেন্দ্রীয় বিদ্যালয়ৰ কৃস্তি কাশ্যপ আৰু তৃতীয় স্থানত বাইহাটা চাৰিআলিৰ ডেলহী পাব্লিক স্কুলৰ অষ্টম শ্রেণীৰ শিক্ষার্থীৰ ধৃতিস্মিতা কলিতা আৰু গ-শাখাত প্ৰথম স্থানত ৰঙিয়া কেন্দ্রীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্রী বনক্ষী ডেকা, দ্বিতীয় স্থানত ফাতেমা কনটেন্ট ইংলিছ স্কুলৰ নৱম শ্ৰেণীৰ ছাত্রী নুপুৰ ইংহিপি আৰু তৃতীয় স্থানত পুঠিমাৰী হাইস্কুল কমলপুৰৰ দশম শ্রেণীৰ ছাত্রী বিদিশা কাকতিক পুৰস্কৃত কৰা হয় ।এই আটাইকেইগৰাকীকে ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালে মানপত্র আৰু ট্ৰফীৰে সম্বৰ্দ্ধনা জনায়। ইতিমধ্যে কুইজ প্ৰতিযোগিতাত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আচিক আলম, জিকামজ্যোতি দাসে প্ৰথম, শংকৰদেৱ শিশু নিকেতনৰ প্ৰজ্ঞা ডেকা, ত্ৰিদীপ দাস দ্বিতীয় আৰু ৰঙিয়া চিম্বায়চিচ একাডেমীৰ এক্ৰানীল দাস আৰু মানস প্ৰতীম কাকতিয়ে তৃতীয় স্থান পাবলৈ সক্ষম হৈছিল। সভাৰ শেষত মহকুমাধিপতি পালে ছাত্ৰ ছাত্ৰী সকলক ভবিষ্যত জীৱন দৰ্শনত মনোনিবেশ কৰি এগৰাকী সু নাগৰিকৰ লগতে নিজকে গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা চলোৱাৰ আহ্বান জনায়।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা