জামুগুৰিহাটত মহিলাৰ আত্মৰক্ষাৰ বাবে সমৰকলাৰ বিনামুলীয়া প্ৰশিক্ষণ

জামুগুৰিহাটত মহিলাৰ আত্মৰক্ষাৰ বাবে সমৰকলাৰ বিনামুলীয়া প্ৰশিক্ষণ৷
সঞ্জয়,হিৰণ্য আৰু সন্দীপ তিনি যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস


ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,৪ নৱেম্বৰ:ৰাজ্যত দিনে নিশাই বৃদ্ধি পাই আহিছে নাৰী নিৰ্য্যাতন,হত্যা, ধৰ্ষন,লুণ্ঠনৰ ঘটনা৷ মহিলা তথা যুৱতী সকলৰ লগত হোৱা এনে অপৰাধমুলক কাৰ্যকলাপক প্ৰত্যাহ্বান জনাবলৈ শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আৰম্ভ কৰিছে এক ব্যতিক্ৰমী সমৰকলাৰ প্ৰশিক্ষন৷“সমৰকলাও হ'ব পাৰে আত্মৰক্ষাৰ পথ” শীৰ্ষক লক্ষ্য লৈয়েই চলিছে এই প্ৰশিক্ষণ৷জামুগুৰিহাটৰ পৰিদৰ্শন বঙলা চৌহদৰ জামুগুৰি বহাগী মেলা বাকৰিত সেয়ে প্ৰতি সপ্তাহৰ ৰবিবাৰৰ দিনটোত  প্ৰায় অৰ্ধশতাধিক মহিলা যুৱতী ব্যস্ত হৈ পৰে সমৰকলা প্ৰশিক্ষণৰ জৰিয়তে আত্মৰক্ষাৰ বাবে ল’বলগীয়া একোটো একোটা টিপচ আয়ত্ব কৰাত৷যুৱতী তথা মহিলাসকলৰ এই সমৰকলা প্ৰশিক্ষনৰ নেতৃত্ব লৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ টাইকোৱান্ডো খেলুৱৈ তথা ব্লেকবেল্ট সঞ্জয় গায়ন,হিৰণ্য হাজৰিকা আৰু সন্দীপ দাসে৷সম্পূৰ্ণ বিনামূলীয়াকৈ মহিলা,যুৱতীক প্ৰতি ৰবিবাবে বিয়লি দি অহা এই সমৰকলাৰ প্ৰশিক্ষণথলীত আত্মৰক্ষাৰ বাবে যোগদান কৰা যুৱতীসকলৰ ৱাৰ্মআপ,পান্স,ৰাইজিং কিক,ষ্ট্ৰেচিং আদিৰ দৃশ্যই ভৰি পৰে প্ৰশিক্ষণথলীৰ পৰিৱেশ৷যুৱতীসকলে এইদৰে সমৰকলাৰ জৰিয়তে যদি আত্মৰক্ষাৰ প্ৰচেষ্টা ল'ব পাৰে তেন্তে ৰাজ্যত বৃদ্ধি হোৱা নাৰী নিৰ্যাতন হ্ৰাস হ'ব বুলিও মন্তব্য কৰিছে সচেতন মহলে৷আনহাতে এক সুন্দৰ চিন্তাধাৰাৰে আৰম্ভ কৰা যুৱকত্ৰয়ৰ এই প্ৰচেষ্টাৰ জয়গান কৰিছে সচেতন লোকসকলেও৷কিয়নো বৰ্তমান সময়ত নাৰীসকলৰ এক বিপদসংকুল মুহূৰ্তত এই তিনি যুৱক ক্ৰমে সঞ্জয়,হিৰণ্য আৰু সন্দীপ আগবাঢ়ি আহিছে নাৰী সমাজৰ সুৰক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰিব পৰাকৈ "আত্ম-সুৰক্ষাৰ প্ৰশিক্ষণ" দিয়াৰ দিশটোত৷তাকো সম্পূৰ্ণ বিনামূল্যে।অথচ তিনিওজন যুৱকেই কাৰ্যত নিবনুৱা।তাৰ পাছতো বিনামূলীয়াকৈ যুৱতী-মহিলাসকলক আত্মৰক্ষাৰ প্ৰশিক্ষণ দিব বিচৰাটোৱে তেওঁলোকৰ সামাজিক দায়বদ্ধতাৰ পৰিচয়ো দাঙি ধৰিছে বুলিও মন্তব্য কৰিছে অঞ্চলটোৰ ৰাইজে৷উল্লেখ্য যে জামুগুৰিহাটৰ অন্যতম ক্ৰীড়া সংগঠণ এক্টিভ ৱাৰিৱৰ্ছৰ উদ্যোগত হোৱা তথা প্ৰশিক্ষনৰ নেতৃত্ব লোৱা তিনিওগৰাকী প্ৰশিক্ষকৰ এই প্ৰচেষ্টা নিশ্চয়কৈ প্ৰশংসনীয়৷
জোন বৰা ,জামুগুৰিহাট৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা