আমিনগাঁওত কেইবাখনো আচনি মুকলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

পঙ্কজ নাথ, চাংসাৰি, ১০ নৱেম্বৰ :

আজি আমিনগাঁওত কেইবাখনো আঁচনি মুকলি কৰে স্বাস্থ্য, শিক্ষা, লোক নিৰ্মাণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমে আলাবৈ ৰণৰ স্মৃতিত অনুষ্ঠিত হোৱা অনুষ্ঠানত যুদ্ধৰ স্মৃতি  ৰোমন্থন কৰি  আমিনগাঁও নুমলী জলাহ খেল পথাৰত মুকলি কৰে আলাবৈ ৰণৰ স্মৃতি সৌধ। ইয়াৰ পিছতে তিনি খন কল্যাণ মুখী আঁচনি মুকলিৰ অনুষ্ঠানত ভূমি পট্টা বিতৰণ , ৰেচন কাৰ্ড বিতৰণ আৰু মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহন আঁচনিৰ গাড়ী বিতৰণকে ধৰি কেইবাখনো আঁচনিৰ হিতাধিকাৰিৰ মাজত আঁচনিৰ বিতৰণ কৰে। আজি আমিনগাঁওত  ১৩ জন নিবনুৱা যুৱক যুৱতীক মুখ্যমন্ত্ৰীৰ পৰিবহন আঁচনিৰ অধীনত বিতৰণ কৰা হয় যান বাহন। ৬৭৩টা দৰিদ্ৰ পৰিয়ালক খাদ্য সুৰক্ষা আচণিৰ অধীণত ৰেচন কাৰ্ড বিতৰণ কৰা হয় । ইফালে জিলাৰ ৬০৩ গৰাকী  ভুমিহীন লোকক ভুমিৰ আবণ্টন পত্ৰ প্ৰদান কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই অনুষ্ঠানত জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এন, জিলা পৰিবহণ বিষয়া গৌতম দাসকে ধৰি জিলা প্ৰশাসনৰ কেইবাগৰাকী বিষয়া উপস্থিত থাকে। 

কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments