কামৰূপৰ পছৰিয়াত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড

পঙ্কজ নাথ, চাংসাৰি, ২৬ নৱেম্বৰ :

কামৰূপ জিলাৰ অন্তৰ্গত পছৰীয়াৰ ইমামী উদ্যোগত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নি কাণ্ড। আজি হঠাৎ দুপৰীয়াৰ সময়ত ইমামী কোম্পানীৰ এটা বিল্ডিংৰ ৪ নম্বৰ মহলাত জুই জ্বলি উঠি সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড । ভয়ংকৰ  অগ্নিকাণ্ড ফলত জুইৰ লেলিহান শিখাই মুহূৰ্ততে আৱৰি ধৰিলে সমগ্ৰ উদ্যোগটোৰ এটা অংশ । যাৰ ফলত কলা ধোঁৱাই চানি ধৰিছে সমগ্ৰ পছৰীয়া অঞ্চল। ইয়াৰ পিছতে ঘটনা স্থলীত ৫ খনকৈ  অগ্নি নিৰ্বাপক বাহিনিৰ গাড়ী উপস্থিত হৈ এঘণ্টা জোৰা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । ইমামী উদ্যোগৰ কচমেটিক্স বিলল্ডিংত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা । উল্লেখ যে আজি দেশযোৰা ধৰ্মঘটৰ ফলত কোম্পানীটোত সকলোধৰনৰ কাম বন্ধ হয় আছিল ।

কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা