বিশ্ব মধুমেহৰোগ দিৱস পালন





ষ্টাফৰিপোৰ্টাৰ, ১৪ নৱেম্বৰ : 'মধুমেহ ৰোগ হৈছে এই নীৰৱ ঘাতক। আৰম্ভণিতে আমি সাৱধান হ'লে ইয়াক প্ৰতিৰোধ কৰিব পাৰি। আমি এই ক্ষেত্ৰত নিজেও সজাগ হ'ব লাগে আনকো সজাগ কৰিব  লাগে। মধুমেহ ৰোগৰ ক্ষেত্ৰত সজাগতাৰ খুবেই প্ৰয়োজন।  আমি মধুমেহৰ পৰা হাত সাৰি থাকিব পৰো। মূল কথাটো হৈছে আমি আমাৰ দৈনন্দিন জীৱনত কিছুমান কথাত গুৰুত্ব দিব লাগে। সুষম অহাৰ, গ্ৰহণ কৰিব লাগে তাৰোপৰি, ব্যায়াম ধ্যান কৰিব লগে। লগতে, আন আন যদি আনুসংগিক ৰোগ আছে তাক প্ৰতিৰোধ কৰাৰ বাবে চেষ্টা কৰিব লাগে। বছৰেকত  এবাৰ এটা মধুমেহৰ পৰীক্ষা কৰিব লাগে"-এনেদৰে কয় নেমকেয়াৰ হাস্পতালৰ সঞ্চালক ডাঃ হিতেশ বৰুৱাই।
শনিবাৰে নেমাকেয়াৰ হাস্পতালৰ চৌহদত "বিশ্ব মধুমেহ দিৱস উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত এনেদৰে কয় বিশিষ্ট চিকিৎসক গৰাকীয়ে। অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে কয়"- আজিকালি পাঁচ বছৰীয়া শিশুৰ পৰা আৰম্ভ কৰি প্ৰায় মানুহৰে মধুমেহ ৰোগ হোৱা দেখা যায়। মধুমেহ ৰোগ হ'লে আন আন ৰোগে আমাক তৎক্ষণাত আক্ৰমণ কৰিব পাৰে।  গতিকে আমি সজাগ হ'ব হৈছে। ভাল খাদ্য খোৱাৰ উপৰিও মানসিক চাপমুক্ত হৈ থাকিলে এই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি"। আনহাতে এই সন্দৰ্ভত বিশেষজ্ঞা ডাঃ প্ৰণব পাঠকে কয়" মধুমেহ ৰোগৰ ক্ষেত্ৰত চীনৰ পাছতে স্থান আছে ভাৰতবৰ্ষৰ। আমাৰ দেশত মধুমেহ ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰিছে। 
 আমাৰ দেশত বছৰি ৫ ৰ পৰা ১০ শতাংশ লোক মধুমেহ ৰোগত আক্ৰান্ত হয়। গতিকে ইয়াৰ বাবে আমি সজাগ, সচেতন হোৱা উচিত।'
উল্লেখযোগ্য, শনিবাৰে  হাস্পতালৰ প্ৰাংগণত বিনামূলীয়া ৰক্তচাপ, মধুমেহ,পৰীক্ষা কৰা  হয় আৰু লগতে  মধুমেহ ৰোগ হ'লে কি কি খাদ্য খাব লাগে আৰু কি কি নালাগে তাৰ এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হয়।এই অনুষ্ঠানত বিশেষজ্ঞ চিকিৎসক ডাঃ প্ৰদীপ কুমাৰ বৰুৱা, ডায়েটিচিয়ান মাধুৰীমা শৰ্মাৰ লগতে কেইবাগৰাকীও চিকিৎসক উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা