চাৰিদুৱাৰ, বালিপৰা, জামুগুৰিহাটতো অনুষ্টুপীয়াকৈ ষঠ পূজা

সমগ্ৰ দেশৰ লগতে
শোণিতপুৰ জিলাৰ অন্তৰ্গত চাৰিদুৱাৰ, বালিপৰা, জামুগুৰিহাটতো অনুষ্টুপীয়াকৈ ষঠ পূজা কৰোণাৰ প্ৰট’কল মানি  পালন কৰা হৈছে ৷ চাৰিদুৱাৰত অনুষ্ঠিত কৰা ষট পুজাত চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰি তেওঁৰ সাৰুৱা ভাষন প্ৰদান কৰে । নিৰ্জলা ব্ৰত ৰাখি  বিভিন্ন ফলমুল ঘৰতে তৈয়াৰ কৰা ঠেকুৱা, খেজুৰী, কল, আপেল, আদা, হালধি আদি  পাচিত সুন্দৰকৈ সজাই মুৰত তুলি সজাই ৰখা পূজাৰ স্থানলৈ অনা হয় আৰু আবেলি বেলি ডুবাৰ আগতে সূৰ্যক আৰধনা কৰা হয় ৷ পূৰ্বতকৈ এই বছৰ পূজাৰ স্থলীত সমাগম  সেৰেঙা দেখা পৰিলক্ষিত হৈছে ৷ জিলা প্ৰশাসনৰ নিৰ্দেশ অনুযায়ী কভিদ প্ৰটকল মানি নিদ্ধাৰিত  শোণিতপুৰ জিলাৰ বিভিন্ন স্থানত ষট পূজা পালন কৰা পৰিলক্ষিত হয় । উক্ত পুজাস্থলীসমুহত আৰক্ষী প্ৰশাসনে কঠোৰ নিৰাপত্তা প্ৰদান কৰাও পৰিলক্ষিত হয় । 

জামুগুৰিহাটৰ পৰা : জোন বৰা : ২১ নৱেম্বৰ

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা