লাংহিনত বড়ো শ্বহীদ কাপ ফুটবল≈≈ধেণ্টাঘাট ক্ৰীড়া সন্থা-লাংহিন তিনিআলি ক্ৰীড়া সন্থা 'বি' দলৰ অগ্ৰগতি

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৬ নৱেম্বৰঃ লাংহিন তিনিআলি ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু বড়ো শ্বহীদ ন্যাসৰ সহযোগত লাংহিনৰ গৰৈমাৰী ষ্টেডিয়ামত কালিৰে পৰা আৰম্ভ হোৱা ২৩ সংখ্যক বড়ো শ্বহীদ কাপ ফুটবল প্ৰতিযোগিতাত ধেণ্টাঘাট ক্ৰীড়া সন্থা আৰু লাংহিন তিনিআলি ক্ৰীড়া সন্থা-'বি' দলে অগ্ৰগতি লাভ কৰিছে। মুঠ ১২ টা দলৰ মাজত আয়োজন কৰা আমন্ত্ৰণমূলক এই প্ৰতিযোগিতাৰ আজিৰ খেলত ধেণ্টাঘাট ক্ৰীড়া সন্থাই ফুলনি ক্ৰীড়া সন্থাৰ দলক ৩-১ গ'লত পৰাজিত কৰে। খেলখনত ধেণ্টাঘাট ক্ৰীড়া সন্থাৰ দলটোৰহৈ নিৰুল ধনৱাৰে(২০, ৫৮ মিনিট)দুটা আৰু মিথিংগা বসুমতাৰীয়ে(৩৮ মিনিট)এটা গ'ল দিয়াৰ বিপৰীতে ফুলনি ক্ৰীড়া সন্থাৰ দলটোৰহৈ কাৰ্টেণ টেৰনে(৭৩মিনিট) একমাত্ৰ গ'লটো দিয়ে ৷ ইফালে, কালি অনুষ্ঠিত হোৱা উদ্বোধনী খেলখনত লাংহিন তিনিআলি ক্ৰীড়া সন্থা-'বি' দলে ৰজাপথাৰ ক্ৰীড়া সন্থা ফুটবল দলক টাইব্ৰেকাৰত ৪-৩ গ'লত পৰাজিত কৰে।নিৰ্ধাৰিত সময়ত গ'লশূন্যভাৱে থকা খেলখনৰ টাইব্ৰেকাৰত বিজয়ী লাংহিন তিনিআলি ক্ৰীড়া সন্থা-'বি' দলৰহৈ গ'লকেইটা দিয়ে কৃষ্ণ হাজোৱাৰী,ধৈৰম ৱাৰী,ৰবিৰাম দৈমাৰী আৰু ৰবিৰাম বসুমতাৰীয়ে । কাইলৈ শুক্ৰবাৰৰ খেলত তাৰাবাছাৰ ক্লিৰদাপ এফ চিয়ে ডকমকা ক্ৰীড়া সন্থাৰ বিৰুদ্ধে প্ৰতিদ্বণ্ডিতা কৰিব বুলি আয়োজক সন্থাটোৰ সম্পাদক নাৰায়ন বসুমতাৰীয়ে জনাইছে। 
==================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা