বিশ্ব শিশু দিৱসত মুখ্যমন্ত্ৰী কাৰ্য্যালয়ৰ টুইটাৰ একাউণ্ট চলালে চাহ বাগিচাৰ ছাত্ৰী বন্দনা ওৰাঙে

বিশ্ব শিশু দিৱস, ২০২০ক স্মৰণীয় কৰি পোনপ্ৰথমবাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্য্যালয়ৰ টুইটাৰ একাউণ্ট চলালে ডিব্ৰুগড়ৰ নামৰূপ চাহ বাগিচাৰ ছাত্ৰী বন্দনা ওৰাঙে। ২০ নৱেম্বৰ, শুক্ৰবাৰে পুৱা ৯ বজাৰ পৰা ১১ বজালৈ @CMOfficeAssam টুইটাৰ হেণ্ডেলযোগে বন্দনাই কেইবাটাও টুইট কৰি নিজৰ যাত্ৰাৰ লগতে মহামাৰীৰ পিছৰ পৃথিৱীখনত শিক্ষাৰ নতুন চিন্তাৰ বিষয়ে অভিমত ব্যক্ত কৰে।

উল্লেখযোগ্য যে UNICEF-য়ে ঘোষণা কৰা অনুসৰি এই বৰ্ষৰ বিশ্ব শিশু দিৱসৰ বিষয়বস্তু আছিল "Investing in our future means investing in our children". ক'ভিড-১৯ মহামাৰীয়ে শিশুসকলৰ মাজত বিশেষ প্ৰভাৱ পেলাইছে আৰু শিশুসকলে নিজৰ চিন্তাশীল মনেৰে বিশ্বক নতুন চিন্তাধাৰাৰে কল্পনা কৰিবলৈ আৰম্ভ কৰিছে। এই বিশেষ দিশটোক কেন্দ্ৰ কৰিয়েই বন্দনাই অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ৰ টুইটাৰযোগে বিভিন্ন গুৰুত্বপূৰ্ণ কথাৰ ওপৰত আলোকপাত কৰে।

বন্দনাই নমস্কাৰেৰে আৰম্ভ কৰা টুইটত নিজৰ পৰিচয় দিয়ে। নামৰূপ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষা জীৱনৰ পাতনি মেলা ছাত্ৰীগৰাকী বৰ্তমান নামৰূপ মহাবিদ্যালয়ত অধ্যয়নৰতঃ। বন্দনাৰ দৰে সকলো শিশুৱে নিজৰ শিক্ষা অব্যাহত ৰাখিব নোৱাৰে বুলিও ছাত্ৰী গৰাকীয়ে দুখ প্ৰকাশ কৰে। বিদ্যালয়ত শিক্ষাৰ উপযোগী ভাল পৰিৱেশ, শিক্ষাদানৰ সৃজনশীল পদ্ধতি, নিচাযুক্ত দ্ৰব্যৰ অপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টি আদিয়ে শিশুক নিজৰ আনুষ্ঠানিক শিক্ষা অব্যাহত আৰু সম্পূৰ্ণ কৰিবলৈ উদগনি যোগাব পাৰে বুলি বন্দনাই নিজৰ মতামত আগবঢ়ায়। তদুপৰি, মহামাৰীৰ সময়ছোৱাৰ পিছত অসমত শিক্ষানুষ্ঠানসমূহ খুলিলে উপৰোক্ত বিষয়সমূহত বিশেষ গুৰুত্ব আৰোপ কৰিলে সকলো শিশুৱেই শিক্ষা সম্পূৰ্ণ কৰিব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা গ্ৰহণ কৰা দৃষ্টান্তমূলক ছবিৰ উপস্থাপনেৰে মহামাৰীৰ পিছৰ কালছোৱাত শিক্ষাৰ বিষয়ে নতুনকৈ চিন্তা কৰা সন্দৰ্ভত এক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। অসমৰ বিভিন্ন ঠাইৰ ছাত্ৰ-ছাত্ৰীসকলে ছবিৰ জৰিয়তে নিজৰ কল্পনাশক্তিক সৃজনশীলতাৰে উপস্থাপন কৰিছে। ডিব্ৰুগড় চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক আৰু এম পি বিদ্যালয়ৰ ছাত্ৰী অভিলাষা মেধি আৰু গোঁসাইগাঁও ছোৱালী হাইস্কুলৰ সুপ্ৰিয়া দে' সৰকাৰে অংকন কৰা এনে দুটি বিশেষ ছবি বন্দনাই মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ টুইটাৰযোগে পোষ্ট কৰি অভিনন্দন জনায়।

ইয়াৰোপৰি, Muskan Adolescent Girls Group নিজৰ যাত্ৰাৰ এটি গুৰুত্বপূৰ্ণ অংশ বুলি উল্লেখ কৰে বন্দনা ওৰাঙে। এই দলটোৰ জৰিয়তে বন্দনা আৰু তেওঁৰ সংগীবৃন্দই নিয়মীয়াকৈ লিংগৰ সমতা, ঋতুস্ৰাৱজনিত স্বাস্থ্যবিধিৰ লগতে তেওঁলোকৰ ভৱিষ্যত নিয়োগ সম্পৰ্কীয় বিভিন্ন বিষয়ে আলোচনা কৰে বুলি জনায়।

নতুন বিশ্বৰ শিশুসকলৰ উদ্ভাৱনী চিন্তাৰে বিশ্বক আগুৱাই নিয়াৰ প্ৰয়াসত অসমৰ মুখ্যমন্ত্ৰী কাৰ্যালয় আৰু UNICEFৰ এই প্ৰচেষ্টাক ৰাজ্যৰ বিভিন্ন সচেতন মহলে প্ৰশংসা কৰিছে। চাহ বাগিচা অঞ্চলত সামাজিক সজাগতা সৃষ্টিৰ কামত নিয়োজিত এগৰাকী ছাত্ৰীয়ে মুখ্যমন্ত্ৰী কাৰ্য্যালয়ৰ অফিচিয়েল টুইটাৰ একাউণ্ট চলোৱাটো শিশুক আৰু শিশুৰ চিন্তাক নতুন বিশ্বত অগ্ৰাধিকাৰ দিয়াৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা