কৃষ্ণাইৰ ভেলাখামাৰত পথ দুৰ্ঘটনা

গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত ভেলাখামাৰত আজি দুপৰীয়া এক মটৰ চাইকেল দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত কুশদেৱ ৰায় নামৰ এজন যুৱক আহত হয় ৷ জানিব পৰা মতে, আজি পুৱা প্ৰায় ১১:৩০ বজাত কৃষ্ণাই লালাবৰী গড়কাপ্তানি পথেৰে এজন বন্ধুসহ নিজ মটৰ চাইকেল ( এ এছ১৮ এফ ৯৮৭৮) খনেৰে কৃষ্ণাই অভিমুখে আহি আছিল পাখিৰীগুৰিৰ কুশদেৱ ৰায় ৷ তেনে সময়তে ভেলাখামাৰৰ এক সংযোগী পথেৰে এজন কাপোৰ ফেৰীৱালা মূল পথত আহি উপস্থিত হয় ৷ হঠাতে আহি পথত উঠা ফেৰীৱালাৰ মটৰ চাইকেল (এ এছ ১৮ ডি ৪৭৭৯) খনক বচাবলৈ গৈ কুশদেৱ ৰায় মটৰ চাইকেলসহ চিটিকি গৈ পথৰ ওপৰত ৰখাই থোৱা ই-ৰিক্সা এখনত খুন্দা মাৰে ৷ ইয়াৰ ফলত যুৱক জন যথেষ্ট পৰিমাণে আঘাত প্ৰাপ্ত হোৱাৰ বিপৰীতে মটৰ চাইকেলখনৰ বিস্তৰ ক্ষতিসাধন হয় ৷ পৰিণতিত পথৰ ওপৰতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ অৱশ্যে পিছত দুয়োপক্ষৰ বুজাবুজিত উপযুক্ত ক্ষতিপূৰণ আদায় কৰি ফেৰীৱালা জনক যাবলৈ দিয়াা হয় ৷


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা