বঙাইগাঁৱত 'চিদলী ৰাজ্য আৰু বিজনী ৰাজ্যৰ ইতিহাস' শীৰ্ষক গ্ৰন্থ উন্মোচন

বঙাইগাঁওঃ ৪ নৱেম্বৰঃ বঙাইগাঁৱৰ চাপৰাকাটাত অৱস্থিত কোচ ৰাজবংশী সাহিত্য সভাৰ উপ-মুখ্য কাৰ্যালয়ত আজি এক গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয় ৷ এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত  বঙাইগাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড: ৰূপাঞ্জলি দেৱীয়ে 'চিদলী ৰাজ্য আৰু বিজনী ৰাজ্যৰ ইতিহাস' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে। এই গ্ৰন্থ উন্মোচনী চমু অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰি দিয়া বক্তব্যত উপাধ্যক্ষা ডঃ ৰূপাঞ্জলি দেৱীয়ে কয় যে এই গ্ৰন্থখন কোচ ৰাজবংশীৰ ইতিহাস সম্পৰ্কীয় সমল হিচাপে ব্যৱহৃত হ'ব। উল্লেখ্য যে গ্ৰন্থখন কোচ ৰাজবংশী সাহিত্য সভাৰ উপ-সভাপতি সম্ভুচৰণ বৰ্মন আৰু সম্পাদক নিত্যানন্দ বৰ্মনে সম্পাদনা কৰি উলিয়াইছে ৷ কোচ ৰাজবংশী সাহিত্য সভাৰ চিৰাং জিলা আৰু বঙাইগাঁও জিলা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনৰ মূল্য হৈছে ১৫০ টকা। গ্ৰন্থখনৰ সমল সংগ্ৰহ কৰোঁতে গ্ৰন্থ প্ৰনেতাদ্বয়ক প্ৰায় ডেৰ বছৰ সময়ৰ প্ৰয়োজন হৈছিল। আজিৰ গ্ৰন্থ উন্মোচনী সভাত কোচ ৰাজবংশী সাহিত্য সভাৰ বিষয়ববীয়াৰ লগতে জনগোষ্ঠীটোৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা