গুৰুজনাৰ জন্মভূমিত চোৰৰ চাফাই অভিযান≈≈শিক্ষানুষ্ঠানৰ পৰা লুটি নিলে নগদ ধনসহ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৭ নবেম্বৰঃ ধাৰাবাহিক অপৰাধজনিত ঘটনাৰে শীৰ্ষত এতিয়া নগাঁও জিলা। চোৰ-ডকাইত, চোৰাং ব্যৱসায়ী তথা দগাবাজৰ দুঃসাহসৰ সন্মুখত যেন হাৰ মানিবলৈ বাধ্য হৈছে নগাঁও আৰক্ষী। আনকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমিৰ বটদ্ৰৱা আৰক্ষী থানাৰ এলেকাধীন অঞ্চলসমূহ এতিয়া পৰিণত হৈছে অপৰাধীৰ ৰম্যভুমিলৈ। নিশা হলেই জীৱন আৰু সম্পত্তিৰ চৰম নিৰাপত্তাহীনতাত ভুগিছে বটদ্ৰৱা থানাৰ এলেকাধীন অঞ্চলসমূহৰ সৰ্বসাধাৰণ। ইয়াৰ মাজতে পুনৰ বটদ্ৰৱা আৰক্ষীৰ ফোপোলা স্বৰূপটো উদঙাই দিলে অসাধু চক্ৰই ৷ কিয়নো বটদ্ৰৱা আৰক্ষী থানাৰ নিচেই কাষতে থকা বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলিল চোৰৰ চাফাই অভিযান । বটদ্ৰৱা আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ আগশাৰীৰ শিক্ষানুষ্ঠানখনত সোমবাৰে নিশা চোৰে চলালে লুটপাত। লণ্ড-ভণ্ড কৰিলে পাঁচটাকৈ আলমিৰা ৷ লুটি নিলে নগদ ২৫ হেজাৰ টকাৰ লগতে বিদ্যালয়ৰ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ। মঙলবাৰে পুৱা তহলদাৰীৰ দায়িত্বত থকা ৰঞ্জিত কুমাৰ চাহানিয়ে বিদ্যালয় চাবলৈ আহোতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে । ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । আৰক্ষী থানাৰ নিচেই কাষতে থকা বিদ্যালয়ত সংঘটিত হোৱা এই চুৰিকাণ্ডই অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । চোৰক অতিশীঘ্রে কৰায়ত্ত কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা