অসম কেমিকেল শ্ৰমিক সংঘৰ ধৰ্ণা কাৰ্যসূচী




ষ্টাফৰিপোৰ্টাৰ, ২০ নৱেম্বৰ : অসম কেমিকেল শ্ৰমিক সংঘই শুকুৰবাৰে পুৱা কোম্পানীৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে। গুৱাহাটীৰ গোপিনাথনগৰ
( কেঞ্চাৰ হস্পিটেল ৰ সমুখত )  
অসম কেমিকেল কোম্পানীৰ গেটত 
প্ৰতিবাদকাৰী সকলে লকডাউনৰ সময়ত প্ৰাপ্য মজুৰি আদায় দিয়ক, কোম্পানী পৰিচালন সঞ্চালকৰ ইউনিয়ন বিৰোধী কাম বন্ধ কৰক আদি দাবী সম্বলিত পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে। এই কাৰ্য্যসূচীৰ পাছত সংশ্লিষ্ট বিষয়াৰ উদ্যোগত কোম্পানীৰ কৰ্তৃপক্ষই আন্দোলনৰ নেতৃত্বৰ লগত আলোচনাত মিলিত হয়। এই আলোচনাত নৱেম্বৰ মাহৰ ভিতৰত কোম্পানীৰ শ্ৰমিক সকলৰ সমস্যা সমাধানৰ আশ্বাস দিয়ে। এই  আশ্বাসৰ  ভিত্তিত শ্ৰমিক সকলে আন্দোলন সাময়িকভাৱে স্থগিত ৰাখে।
চি আই টি ইউৰ গুৱাহাটী মহানগৰ কমিটিৰ উদ্যোগত পুনৰ শ্ৰমিক বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংঘৰ হৈ নীলিমা শৰ্মাই জনায়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা