জামুগুৰিহাটৰ উদীয়মান সাংস্কৃতিক কৰ্মী জুমণি শইকীয়াৰ মৃত্যু

জামুগুৰিহাটত শোক

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,৭ নৱেম্বৰ:অকালতে হেৰাই গ’ল এগৰাকী প্ৰতিভাবান যুৱশিল্পী৷বিহু,ভাঁওনা,ৰাস,ভাঁওনাৰ সুত্ৰধাৰ,বায়ন,বিহুৱা,ঢুলীয়া আদিকৰি সকলো দিশতে পাৰ্গত জামুগুৰিহাটৰ কোঁচগাঁৱৰ উদীয়মান সাংস্কৃতিক কৰ্মী জুমনি শইকীয়া(২৮) অকালতে হেৰাই যোৱাত শোঁকৰ ছাঁ বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটিত৷কালি নিশা বালিপাৰাৰ নিকটৱৰ্তী দীঘলীত এক পথ দূৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক আঁকোৱালী লয় সাংস্কৃতিক কৰ্মী তথা যুৱশিল্পী জুমনি শইকীয়াই৷ঘটনাৰ বিৱৰণি অনুসৰি চাৰিদুৱাৰ বগীজুলিত সখীয়েকৰ বিবাহ অনুষ্ঠানত অংশগ্ৰহণ নিশা বাইকেৰে নিজ গৃহলৈ আহি থকা অৱস্থাত প্ৰায় ১১ বজাত নিয়ন্ত্ৰণ হেৰুৱাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা দ’ এটুকুৰা ঠাইত বাগৰি পৰে যুৱশিল্পী গৰাকী৷এটি কন্যাসন্তানৰ পিতৃ জুমনিয়ে বিয়াঘৰৰপৰা ঘৰলৈ উভতি অহাৰ পূৰ্ৱে পত্নীলৈ ফোন কৰি জনাইছিল যদিও নিশা প্ৰায় ৩-৩০ বজালৈকে ঘৰ আহি নোপোৱাত নিকটৱৰ্তী জুমনিৰ ককায়েক তথা পৰিয়ালৰ লোকক খৱৰ দিয়ে৷পৰিয়ালৰ লোকে জুমনিক বিচাৰি যোৱাত পুৱতি নিশা প্ৰায় ৪-৩০ বজাত কিছু পোহৰ হোৱাত  দূৰ্ঘটনাতো সংঘটিত হোৱা স্থানত  বাইকখন আৰু কিছু নিলগত সংকটজনক অৱস্থাত নিশা প্ৰায় ৫ ঘন্টা সময় পৰি থকা যুৱ শিল্পীগৰাকীক উদ্ধাৰ কৰে৷লগে লগে তেজপুৰস্হিত মিছন হস্পিতালত জুমনিক ভৰ্তি কৰায় যদিও মুৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জুমনিৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে গুৱাহাটীস্থিত জিএনআৰচিলৈ প্ৰেৰণ কৰে যদিও আজি গুৱাহাটীলৈ নি থকা অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে জুমনি শইকীয়াই৷ইফালে জুমনিৰ মৃতদেহ তেজপুৰত মৰণোত্তৰ পৰীক্ষা কৰি আজি বিয়লি নিজ গৃহলৈ উভতাই অনাৰ পূৰ্ৱে জামুগুৰি বহাগী মেলা বাকৰিত জামুগুৰি বহাগী মেলা কমিতিয়ে এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰে৷জামুগুৰি বহাগী মেলাৰ সম্পাদক জয়ন্ত দাসে আঁত ধৰা তথা অসংখ্য লোক উপস্থিত হোৱা অনুষ্ঠানটিত ভৰলীপৰীয়া বিহু দল,জামুগুৰি বহাগী,গুৱাহাটী ফ’ৰাম জামুগুৰিহাট,জামুগুৰি ব্যৱসায়ী সন্থা,সদৌ জামুগুৰি ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জামুগুৰি আঞ্চলিক,বাৰেচহৰীয়া ভাঁওনা সমিতি,বৰপুখুৰীপাৰ বিহুমেলা,প্ৰেছ ক্লাৱ,ডেকাসুন্দৰ যুৱক সংঘ,অসম সাহিত্য সন্মিলনী,বিজেপি নদুৱাৰ মণ্ডল,প্ৰজন্ম উন্মেষ,শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ আৰু যুৱ সমাজ,এনএচইউআই,জামুগুৰি শৰীৰ চৰ্চা কেন্দ্ৰ,চতিয়া কেন্দ্ৰীয় বিহুমেলা,জামুগুৰি সাংস্কৃতিক কেন্দ্ৰ,আখৰা,বাপুজি ভৱন নাট্য সমাজ,জামুগুৰি সাহিত্য সভাকে আদি কৰি কুৰিৰো অধিক অনুষ্ঠান প্ৰতিষ্ঠানে সাংস্কৃতিক কৰ্মী তথা যুৱ শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে জুমনিৰ নশ্বৰ দেহ সমগ্ৰ জামুগুৰিহাটৰ ব্যৱসায়িক কেন্দ্ৰস্থলত পৰিভ্ৰমণ কৰাই নিজ বাসগৃহলৈ ওভতাই আনে৷বহু প্ৰতিভাৰ অধিকাৰী জুমনি শইকীয়াই অসমৰ ইমুৰৰ সিমুৰলৈ ভৰলীপৰীয়া বিহুৱা দলৰ জৰিয়তে ঢুঁলীয়া হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যৰ প্ৰায়সংখ্যক মঞ্চবিহুত শ্ৰেষ্ঠ ঢুঁলীয়াৰ সন্মান বুটলি আনিবলৈও সক্ষম হৈছিল৷জামুগুৰিহাটৰ কোঁচগাঁৱৰ এটি সাংস্কৃতিক পৰিয়ালত জন্মগ্ৰহণ কৰি কলিতে এনে এক অনাকাংক্ষিত মৃত্যুক আঁকোৱালী লোৱা যুৱ শিল্পী গৰাকীয়ে পিতৃ চুৰেন শইকীয়া,জ্যেষ্ঠ ভাতৃ দীপেন শইকীয়া,পত্নী,এটি ৩ বছৰীয়া কন্যা সন্তান,ভগ্নীকে আদি কৰি অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰে থৈ যায়৷সাংস্কৃতিক কৰ্মী জুমনি শইকীয়াৰ মৃত্যুত সমগ্ৰ জামুগুৰিহাট শোকস্তব্ধ হৈ পৰিছে৷
জোন বৰা ,জামুগুৰিহাট৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা