গ্ৰামাঞ্চলৰ গো-পালক সকললৈ আশাৰ বতৰা≈≈বেবেজীয়াত দুগ্ধ উৎপাদক বিপণী মুকলি

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১১ নৱেম্বৰঃ গ্ৰামাঞ্চলৰ গো-পালক সকলক সংগঠিত কৰি দুগ্ধ উৎপাদনৰে সমবায় ভিক্তিত এক শ্বেত বিপ্লৱৰ সুচনাৰে বুধবাৰে নগাঁও জিলাৰ বেবেজীয়া চাৰিআলিত গ্ৰাহক ৰাইজৰ সুবিধাৰ্থে দুগ্ধ উৎপাদক বিপণী এটা মুকলি কৰা হয় ৷ এই মৰ্মে, নগাঁও জিলা দুগ্ধ উৎপাদন সমবায় সমিতিৰ সভাপতি বিৰিঞ্চি কাশ্যপে আতঁ ধৰা অনুষ্ঠানটিত দুগ্ধ উৎপাদন কেন্দ্ৰটিৰ শুভ উদ্বোধন কৰে প্ৰজাপতি ব্ৰহ্মকুমাৰীৰ বি কে শ্বৰীতাই ৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিছাপে অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকাই ভাষণ প্ৰসংগত নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বেবেজীয়া চাৰিআলিত স্থাপন কৰা এই দুগ্ধ উৎপাদক বিপণী খনৰ যোগেদি গ্ৰামাঞ্চলৰ গো-পালক সকল উপকৃত হোৱাৰ লগতে গ্ৰামাঞ্চলৰ নিবনুৱা কৰ্মোদ্যমী যুৱক সকলে জীৱিকাৰ পথ প্ৰসস্থ কৰাৰ ক্ষেত্ৰত এক আশাৰ বাট মুকলি হোৱা বুলি উল্লেখ কৰে ৷ ইফালে, এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বৃক্ষ ৰোপন কৰে বেবেজীয়া আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কালিধৰ থাওছেন আৰু সহকাৰী আৰক্ষী বিষয়া প্ৰহ্লাদ নাথে ৷ অনুষ্ঠানত বিশিষ্ট ক্ৰীড়া সংগঠক উজ্বল বৰুৱা, বেবেজীয়া দুগ্ধ উৎপাদক সমবায় সমিতিৰ সম্পাদক অশোক বৰা, শিল্পী সেনানী দুগ্ধ উৎপাদক সমিতিৰ সম্পাদক মনোজ মহন্ত, মুহিলা শৰ্মা বৰুৱা, হৰেশ্বৰ শৰ্মা বৰুৱা, দ্বীপ্তি শৰ্মা, কল্পনা শৰ্মা, উপমা শৰ্মা বৰুৱা, অশ্মিতা শৰ্মা বৰুৱা আদি বহুকেইজন ব্যক্তি উপস্থিত থাকে ৷
-===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা