নগাঁৱৰ জামুগুৰিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক গীত-মাত-নৃত্যৰে গভীৰ স্মৰণ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৫ নবেম্বৰঃ সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ বেবেজীয়াৰ জামুগুৰিত ভাৰতৰত্ন, বিশ্ববিশ্ৰুত শিল্পী, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যু দিৱস উপলক্ষে বৃহস্পতিবাৰে মহান শিল্পীগৰাকীক স্মৰণ কৰা হয় ৷ এই মৰ্মে জামুগুৰিৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান "জংগম"ৰ ব্যৱস্থাপনাত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মহান শিল্পীগৰাকীক গীত-মাত-নৃত্যৰে গভীৰভাবে শ্ৰদ্ধা জনোৱা হয় ৷ কাৰ্যসূচী অনুসৰি সমাজসেৱী অৰ্পনা আগমাচাৰ্যৰ দ্বাৰা বন্তি প্ৰজ্বলনৰ অন্তত সুধাকণ্ঠৰ প্ৰতিকৃতি অংকন কৰে কংকনজ্যোতি শইকীয়াই ৷ ইয়াৰ পিছতে গীত-মাত-নৃত্যৰ মনোগ্ৰাহী অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ সন্তোষ নাথ আৰু ভুবন নাথে আঁত ধৰা অনুষ্ঠানত প্ৰবীন শিল্পী গম্ভীৰ নাথ, ধেনুৰাম নাথ, ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপ্ত অঞ্জুৰাণী দেৱীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে সুধাকণ্ঠৰ জীৱন পৰিক্ৰমা আৰু জীৱনাদৰ্শৰ ওপৰত আলোকপাত কৰে ৷ মন্টু বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিশিষ্ট কণ্ঠশিল্পী জিতু শ্ৰাৱন, প্ৰযুক্তি দেৱী, দ্বিগেন চন্দ্ৰ নাথ, অংকিতা কাকতি, ভৰত ৰাজ নাথ আৰু প্ৰিঞ্চলিনা বৰাই সুললিত কণ্ঠৰে সুধাকণ্ঠৰ কেইবাটাও চিৰসেউজ গীত পৰিবেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ বিপৰীতে নৃত্যশিল্পী আৰাধ্যা নাথ আৰু তুস্তি দেৱীয়ে আকৰ্ষণীয় নৃত্য পৰিবেশনেৰে সকলোকে মন্ত্ৰমুগদ্ধ কৰি তোলে ৷ ইফালে, এই অনুষ্ঠানতে অহা জানুৱাৰী মাহত প্ৰদৰ্শিত হ’বলগীয়া "জংগম"ৰ নাট্যানুষ্ঠানৰ প্ৰৱেশ পত্ৰৰ বিক্ৰীৰ শুভাৰম্ভ কৰা হয় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা