বেবেজীয়াত " অনুভূতি " শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন≈≈গীত-কবিতাৰ এক মনোৰম আবেলি

 বেবেজীয়াত " অনুভূতি " শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন≈≈গীত-কবিতাৰ এক মনোৰম আবেলি#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২২ নবেম্বৰঃ নগাঁও জিলাৰ বেবেজীয়া প্ৰেছ ক্লাৱৰ ব্যৱস্থাপনাত দেওঁবাৰে বেবেজীয়াৰ মাহৰিআটিৰ অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, নিৰৱ সাহিত্য সাধক বকুল চন্দ্ৰ শৰ্মাৰ কাব্যগ্ৰন্থ " অনুভূতি " উন্মোচন কৰা হয়। কবি গৰাকীৰ নিজা বাসভৱনৰ সন্মুখৰ চোতালত শৰতৰ হিম শীতল আবেলিৰ আবেশত অনুষ্ঠিত গ্ৰন্থ উন্মোচন আৰু গীতি-কবিতাৰ মনোৰম অনুষ্ঠানত কাব্যগ্ৰন্থখনি উন্মোচন কৰে নপূৰ মোমাইদেউ খ্যাত শিশু সাহিত্যিক ত্রৈলোক্য ভট্টাচাৰ্যই। বেবেজীয়া প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰাঞ্জল বৰদলৈয়ে আঁতধৰা অনুষ্ঠানত সু-বক্তা, প্ৰবক্তা মোহিনী মোহন ডেকা, সাহিত্যসেৱী লৱকান্ত শৰ্মা, সমাজকৰ্মী হৰেন বৰা, কৃষ্ণ বৰা, প্ৰশান্ত শৰ্মা, ৰেব দাসে বক্তব্য প্ৰদান কৰে। প্ৰতিষ্ঠিত কবি মদাৰজ্যোতিয়ে লেখক বকুল চন্দ্ৰ শৰ্মাৰ  কাব্যগ্ৰন্থখনিৰ তিনিটা কবিতা আবৃত্তি কৰে আৰু সাংবাদিক জ্যোতিপ্ৰসাদ বৰা, ৰশ্মৰেখা হাজৰিকা, মনি হাজৰিকা আৰু অনিল নাথে স্ব-ৰচিত কবিতা পাঠেৰে হিম চেচা আবেলিটো জিপাল কৰি তোলে। প্ৰবীন শিল্পী গম্ভীৰ নাথ,  সাংবাদিক, শিল্পী ৰাহুল দেৱ বৰদলৈ , শিল্পী জিতু শ্ৰৱন আৰু কৃতিকৃষ্টি বৰাই সুমধুৰ গীত পৰিবেশন কৰি অনুষ্ঠানৰ সৌষ্ঠব্য বৃদ্ধি কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা