নগাঁৱত ৰাষ্ট্ৰীয় আইন সেৱা দিৱস উদযাপন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৯ নৱেম্বৰঃ নগাঁও জিলা আইন সেৱা প্ৰাধীকাৰীৰ উদ্যোগত আৰু নগাঁও আইন মহাবিদ্যালয়ৰ সহযোগত আজি ৰাষ্ট্ৰীয় আইন সেৱা দিৱসটি নগাঁৱত উদযাপন কৰা হয় ৷ প্ৰতি বছৰে ৯ নৱেম্বৰ দিনটো ৰাষ্ট্ৰীয় আইন সেৱা দিৱসটি উদযাপন কৰি অহা হৈছে ৷ বিভিন্ন কাৰ্যসূচীৰে উদযাপিত হৈ অহা এই ৰাষ্ট্ৰীয় দিৱসটিৰ লগত সংগতি ৰাখি প্ৰতি বছৰে এই বিশেষ দিনটোতে ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধীকৰণৰ তৰফৰ পৰা শ্ৰেষ্ঠ জিলা আইন সেৱা প্ৰাধীকাৰী, শ্ৰেষ্ঠ অৰ্ধ আইনী সহায়ক, শ্ৰেষ্ঠ পেনেল অধিবক্তা আদিৰ বাবে প্ৰদান কৰি আহিছে একোটিকৈ শ্ৰেষ্ঠত্ব বঁটা ৷ বিগত বৰ্ষত নগাঁও জিলাই লাভ কৰিছিল শ্ৰেষ্ঠ জিলা আইন সেৱা প্ৰাধীকাৰীৰ বঁটা ৷ বিগত বৰ্ষবোৰৰ দৰে এইবাৰো নগাঁও জিলা আইন সেৱা প্ৰাধীকাৰীৰ উদ্যোগত আৰু নগাঁও আইন মহাবিদ্যালয়ৰ সহযোগত সোমবাৰে ৰাষ্ট্ৰীয় আইন সেৱা দিৱসটি নগাঁৱত উদযাপন কৰা হয় ৷ সেই মৰ্মে, নগাঁও আইন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে নগাঁও মহাবিদ্যালয়ৰ সমীপত আইন সেৱা প্ৰাধীকাৰীৰ বিভিন্ন কৰ্মৰাজীৰ বিষয়ে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰে ৷ ইফালে, এই দিৱসৰ লগত সংগতি ৰাখি প্ৰচাৰ ভাৰতী নগাঁও কেন্দ্ৰৰ জৰিয়তে এটি অনুষ্ঠান সম্প্ৰচাৰ কৰা হয় ৷ অনুষ্ঠানটি আতঁ ধৰে পেনেল অধিবক্তা মুকুল প্ৰসাদ বৰঠাকুৰে ৷ অনুষ্ঠানত আইন সেৱা প্ৰাধীকাৰিৰ সমূহ কৰ্মকৰ্তা উপস্থিত থাকে

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা