প্ৰতিবছৰেই বিশ্বই দিয়ক ৭ দিন লকডাউন-যাদৱ পায়েং

জামুগুৰিহাটত বৃক্ষৰোপন কৰিলে পদ্মশ্ৰী যাদৱ পায়েঙে৷
পথিৱীৰ ভাৰসাম্য ৰক্ষাৰ বাবে প্ৰতিবছৰেই বিশ্বই দিয়ক ৭ দিন লকডাউন-যাদৱ পায়েং

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২০ নৱেম্বৰ:পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিবৰ বাবে সমগ্ৰ বিশ্বক বছৰত ৭ দিন লকডাউন দিবলৈ অনুৰোধ জনাই অৰণ্য মানৱ যাদৱ পায়েঙে৷আজি জামুগুৰিহাটৰ অন্যতম প্ৰকৃতিপ্ৰেমী সংগঠণ কোঁছগাঁৱৰ জাগৰণ য়ুথ ক্লাৱৰ সৌজন্যত গান্ধীপথাৰত অনুষ্ঠিত এক বৃক্ষৰোপন কাৰ্যসুচীত অংশগ্ৰহণ কৰি এইদৰেই পদ্মশ্ৰী যাদৱ পায়েঙে অনুৰোধ জনাই সমগ্ৰ বিশ্বক৷অৰণ্য মানৱ হিচাপে খ্যাত যাদৱ পায়েঙে কয় যে চৰকাৰে বৃক্ষৰোপনৰ নামত যেতিয়াই তেতিয়াই বন মহোৎসৱ পাতি চৰকাৰী ধন অপচয় কৰাৰ বিপৰীতে বিদ্যালয়সমুহতহে ছাত্ৰ ছাত্ৰীক গছ জীয়াই ৰাখিবৰ কাৰণে শিক্ষা দিব লাগে৷প্ৰসংগক্ৰমে যাদৱ পায়েঙে উল্লেখ কৰে যে বিদ্যালয়সমুহত ছাত্ৰ ছাত্ৰীক পাঠদানৰ লগতে একো একোজোপা গছপুলি ৰোপন কৰিবলৈ দিব লাগে আৰু গছপুলিসমুহ জীয়াই ৰখাৰ বাবেও ছাত্ৰ ছাত্ৰীক জ্ঞান দিব লাগে কাৰণ সেই গছপুলিসমুহেই ভৱিষ্যতৰ দিনত প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত গুৰুত্ব প্ৰদান কৰিব আৰু নতুন প্ৰজন্মৰ বাবে সেই সমুহ গছ আশীৰ্বাদ স্বৰূপ হৈ উঠিব৷ইয়াৰোপৰি পূৰ্ৱৰ চৰকাৰৰ তুলনাত বৰ্তমান চৰকাৰখনৰ কাৰ্যকালত কাজিৰঙাত গড় হত্যাৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পোৱা সন্দৰ্ভত সাংবাদিকৰে হোৱা বাৰ্তালাপত যাদৱ পায়েঙে কয় যে এই চৰকাৰৰ দিনত গড় হত্যা বহুত কমি গ’ল৷ইয়াৰ মূলতেই হ’ল চৰকাৰে কাজিৰঙাৰ আশেপাশে থকা মেধাৱী শিক্ষিত যুৱক যুৱতীক বনবিভাগত নিযুক্তি প্ৰদান কৰিছে৷শোণিতপুৰ জিলাখনৰো শিক্ষিত যুৱক যুৱতীক চৰকাৰে বনবিভাগত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিলে শোণিতপুৰৰ গাঁতে লাগি থকা কাজিৰঙাৰ ষষ্ঠ সংযোজনটোৰ ভিতৰৰ গড়,হাতী,চৰাই চিৰিকতি আদিবোৰ বহুখিনি সুৰক্ষিত হৈ পৰিব বুলিও উল্লেখ কৰে যাদৱ পায়েঙে৷জামুগুৰিহাটত জাগৰণ য়ুথ ক্লাৱে বিগত সময়খিনিত বৃক্ষৰোপন কৰি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ দিশত লোৱা পদক্ষেপ সমুহৰো শলাগ লয় যাদৱ পায়েঙে৷সমাজকৰ্মী শৈলেন বৰকটকীয়ে আঁত ধৰা সভাখনত যাদৱ পায়েঙৰ উপস্থিতিয়ে জাগৰণ য়ুথ ক্লাৱৰ প্ৰতিগৰাকী সদস্যক অনাগত দিনত কাম কৰি যোৱাৰ দিশটোত যথেষ্ট প্ৰেৰণা দিয়াৰ লগতে যথেষ্ট উৎসাহিত কৰি তুলিছে বুলিও উল্লেখ কৰে ক্লাৱৰ সদস্য অভিজিত বৰকটকীয়ে৷উল্লেখ্য যে জাগৰণ য়ুথ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত বৃক্ষৰোপন কাৰ্যসুচীত গান্ধীপথাৰৰ চাৰিসীমাৰ কাষত বৃক্ষৰোপনো কৰে যাদৱ পায়েঙে৷

জোন বৰা,জামুগুৰিহাট৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা