ৰ'য়েল এনফিল্ডে ইয়াৰ একেবাৰে নতুন ইজি ক্ৰুজাৰ, মীটি'ৰ ৩৫০ মুকলি কৰে




ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ নৱেম্বৰ,,ৰয়েল এনফিল্ডে মঙলবাৰে ইয়াৰ একেবাৰে নতুন সহজ ক্ৰুই'জাৰ, এই ৰ'য়েল এনফিল্ডে মীটি'ৰ ৩৫০ ৰ মুকলি কৰাৰ কথা ঘোষণা কৰিলে। এই সন্দৰ্ভত ইছাৰ মটৰ লিমিটেডৰ প্ৰৱন্ধ সঞ্চালক সিদ্ধার্থ লালে কয়"-এই মীটিৰ ৩৫০ হৈছে এক সৰ্বোত্তম ৰূপত পৰিশোধিত সহজ আৰু এক্সেছিৰল ক্ৰুই'জাৰ। আমি নতুন  আৰোহী সকলৰ বাবে লগতে,যিসলক অভিজ্ঞ তেওঁলোকৰ বাবেও এক শ্ৰেষ্ঠ ক্ৰুই'জিং অভিজ্ঞতা সুনিশ্চিত কৰা মটৰ চাইকেল নিৰ্মাণ কৰিব বিচাৰিছিলোঁ। মীটি'ৰ ৩৫০ ইয়াৰ বাবে একমাত্ৰ উপযুক্ত"। আনহাতে, এই সন্দৰ্ভত ৰয়েল এনফিল্ডৰ চিই অ বিনোদ কে দেশায়ে কয়"-"মীটি'ৰ ৩৫০ ৰ সৈতে আমি কেৱল মাত্ৰ অবিশ্বাস্য নাটৰ চাইকেল নিৰ্মাণ কৰা নাই, কিন্তু মানুহক তেওঁলোকৰ ক্ৰয় আৰু মালিকীস্বত্বৰ অভিজ্ঞতা ৰূপান্তৰ কৰিবলৈ আৰু ব্ৰেণ্ডৰ সৈতে তেওঁলোকক জড়িত কৰিবৰ বাবে এক নতুন পথৰ সৃষ্টি কৰিছে"। উল্লেখযোগ্য যে, প্ৰথম বাৰৰ বাবে, মীটি'ৰ ৩৫০ বুকিং কৰা গ্ৰাহক সকলে স্বত্বস্ফূূৰ্তভাৱে আৰোহীৰ প্ৰয়োজনীয়তা সমূহত খাপ খোৱাকৈ নমনীয়তাৰে নিৰ্মিত সকলো, সম্প্ৰসাৰিত ৱাৰান্টী আৰু ৰ'ডচাইড সাহাৰ্য্য, বাৰ্ষিক ৰক্ষণাবেক্ষণ চুক্তি সমূহৰ বিকল্পৰ বাবে বাচনি কৰিবলৈ সক্ষম হ'ব। এই মীটি'ৰ ৩৫০ ফায়াৰ বলৰ বাবে ১,৭৫,৮১৭ টকাত ষ্টেলাৰৰ বাবে ১,৮১,৩২৬ টকাত আৰু চুপাৰন'ভা সংস্কৰণসমূহৰ বাবে ১,৯০,৫৩৬ টকা ষ্টাটিং দামত উপলব্ধ হ'ব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা