পোহৰৰ উৎসৱ পোহৰেৰে উদযাপন কৰক - ডাঃ হিতেশ বৰুৱা




ষ্টাফৰিপোৰ্টাৰ, ১২ নৱেম্বৰ : 'পোহৰৰ উৎসৱ দীপাৱলীৰ সময়ত ১০ ৰ পৰা ১২  শতাংশ জুয়ে পোৰা দুৰ্ঘটনা সংঘতিত হয়। ইয়াৰ ফলত অধিকাংশ শিশু দুৰ্ঘটনাৰ বলি হয়-এইদৰে কয় বিশেষজ্ঞ চিকিৎসক তথা বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ সম্পাদক ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাই। বৃহস্পতিবাৰে ভঙাগড়স্থিত নেমকেয়াৰ হাস্পতালত  বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদমেলযোগে বিশেষজ্ঞ চিকিৎসক গৰাকীয়ে লগতে কয় ' বিগত দহ বছৰত নেমকেয়াৰ হাস্পতালৰ সামাজিক গোট বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ  বাৰ্ণ কেয়াৰ ইউনিটত চিকিৎসা কৰিবলৈ অহা মুঠ জুয়ে পোৰা ৰোগীৰ সংখ্যা হৈছে ৪৬৩ জন। ইয়াৰে ৩৪৭ জন পুৰুষ আৰু ১১৬ গৰাকী মহিলা। শতকৰা হিচাপত পুৰুষ ৭৫ শতাংশ আৰু মহিলা ২৫ শতাংশ। এই দুৰ্ঘটনাৰ ৭৩.৫ শতাংশ কলগছ, ১৭.২ শতাংশ ফটকা আৰু ৩.১ শতাংশ চাকি আৰু ৬.০ শতাংশ চকৰি বা ফুলজাৰিৰ  বাবে সংঘটিত হয়। ক'ম বয়সীয়া যুৱক সকল দীপাৱলীৰ সময়ত অধিক অগ্নিদগ্ধ হয়। কলগছ নামৰ ফুলজাৰীৰ পৰা সৰহ সংখ্যক লোক
অগ্নিদগ্ধ হয়। সেইদৰে বিগত  ১০ বছৰত মাটিৰ চাকিৰ পৰা ১০ গৰাকী ৰোগী কাপোৰত জুই লাগি ৪০ ৰ পৰা ৫০ শতাংশ অগ্নিদগ্ধ হয় আৰু তাৰে দুগৰাকীৰ মৃত্যু হয়। অসাৱধানতা আৰু অজ্ঞাতাই এনে দুৰ্ঘটনাৰ মূল কাৰণ হিচাপে চিহ্নিত হৈছে। দীপাৱলীৰ সময়ত জুয়ে পোৰা দুৰ্ঘটনা হলে পোৰা অংশত পানী ঢালিব লাগে। পলম নকৰি চিকিৎসকৰ কাষ চাপিব লাগে। এই সম্পৰ্কে আমি বিগত ২০ বছৰে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। এইবাৰ ক'ভিড পৰিস্থিতিৰ বাবে আমি অনলাইনযোগে বিশেষকৈ ফেচবুক, ইউটিউবৰ যোগেদি বিভিন্ন সজাগতা মূলক বক্তৃতা আদি আয়োজন কৰিছোঁ। এই সময়ত আতছবাজীৰ বাবে জুয়ে পোৰা দুৰ্ঘটনা হোৱাৰ লগতে ভয়াবহভাবে বায়ু আৰু শব্দ প্ৰদূষণৰ হয়। যাৰফলত হাওঁফাওৰ কৰ্কট, হাপানী, হৃদপিণ্ডৰ ৰোগ, স্নায়ুৰোগ আদিয়ে দেখা দিছে। আজিকালি অতি ক'ম বয়সতে আৰু ধূমপান নকৰা লোকৰো হাওঁফাওঁৰ কৰ্কট ৰোগ হোৱাটো এই বায়ু প্ৰদূষণৰে ফল। তদুপৰি আতছবাজীৰ উত্তাপে গোলকীয় উষ্ণতা বঢ়োৱাত অৰিহণা যোগাইছে। সেয়ে পোহৰৰ উৎসৱ দীপাৱলী ফটকা বিহীন ভাবে উদযাপন কৰক'। সংবাদমেলযোগে নেমকেয়াৰ হাস্পতালৰ সঞ্চালক, বাৰ্ণকেয়াৰ  ফাউণ্ডেচনৰ সভাপতি ডাঃ হিতেশ বৰুৱাই কয় 'পোহৰৰ উৎসৱ দীপাৱলী পোহৰেৰে উদযাপন কৰক। বিগত ২০ বছৰে আমি দীপাৱলীৰ সময়ত বিভিন্ন সজাগতামুলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। ৰাইজ সজাগ সচেতন হলে শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰি।' সংবাদমেল যোগে নেমকেয়াৰ হাস্পতালৰ অন্যতম সঞ্চালক ডাঃ মিহিৰ বৰুৱাই কয় ' দীপাৱলীৰ পাছত দিল্লীত ইমান বেছি প্ৰদূষণ বৃদ্ধি হয় যে মানুহে বহুত দিনলৈ মাস্ক পিন্ধিবলৈ বাধ্য হয়। আমাৰ ইয়াতো তেনে পৰিস্থিতি হোৱাৰ পূৰ্বে আমি সজাগ হোৱা উচিত।' সংবাদমেলযোগে বিশিষ্ট অভিনেতা জয়ন্ত ভাগৱতীয়ে কয় ' নেমকেয়াৰ হাস্পতালৰ ২০ বছৰীয়া প্ৰচেষ্টা শলাগীবলগীয়া। আমি সকলোৱে জনা উচিত যে প্ৰদূষণ বেয়া পোহৰ ভাল। প্ৰদূষণ কেনেকৈ ৰোধ কৰিব পাৰি সেই বিষয়ে আমি গুৰুত্ব দিয়া উচিত।'

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা