বঙাইগাঁৱত বেংকত জমা থবলৈ যোৱা ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ পৰা চিলনী চোৰে কাঢ়ি নিলে ৭ লাখ ৯৪ হাজাৰ টকা

বঙাইগাঁওঃ ২৭ নৱেম্বৰঃ বঙাইগাঁও চহৰৰ বৰপাৰাৰ ছহিদবেদীত আজি চিলনী চোৰে বেংকত জমা থবলৈ অহা ব্যৱসায়িক প্ৰতিষ্ঠান এটাৰ কৰ্মচাৰীৰ হাতৰ পৰা নগদ ৭ লাখ ৯৪ হাজাৰ টকা কাঢ়ি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে ৷ জানিব পৰা মতে ছহিদবেদীৰ শ্ৰী বজৰং ট্ৰেডিং কোম্পানী নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ দুই কৰ্মচাৰীয়ে পুৱাৰ ভাগতে ওচৰতে থকা বেংক অৱ বৰোদাত ধনখিনি জমা থবলৈ গৈছিল ৷ কৰ্মচাৰী দুজনে মূল পথেৰে গৈ তাৰ পৰা বেংকলৈ যোৱা উপ পথেৰে যাবলৈ ধৰাৰ সময়তে তথা বেংকৰ নিচেই কাষ পোৱাৰ সময়তে দোকান এখনৰ সন্মুখত হঠাতে মটৰ চাইকেলত অহা চিলনী চোৰে কৰ্মচাৰী এজনৰ হাতত থকা টকাৰ বেগখন কাঢ়ি লৈ পলায়ন কৰে ৷ লগে লগে কৰ্মচাৰীজনে ধৰ ধৰ ,চোৰ চোৰ বুলি চিঞৰ - বাখৰ কৰে যদিও ইতিমধ্যে চিলনী চোৰে মটৰ চাইকেললৈ উধাও হৈছিল ৷ কৰ্মচাৰীজনে ঘটনাটো পুৱা ১০ঃ ৩০ মান বজাত সংঘটিত হয় বুলি জানিবলৈ দি কয় যে সদায় তেওঁ বেংকলৈ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ ধন জমা থবলৈ যায় ৷ আজিও আন এজন কৰ্মচাৰীৰ সৈতে গৈছিল যদিও বেংকৰ কাষ পোৱাৰ সময়তে মটৰ চাইকেল লৈ অহা এজন যুৱকে হঠাতে ধনখিনি কাঢ়ি লৈ যায় ৷ পিচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷ ইপিনে এজন প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে কৰ্মচাৰী দুজন দোকানৰ সন্মুখত ৰৈ থকাৰ সময়তে মটৰ চাইকেল লৈ অহা দুৰ্বৃত্তই কৰ্মচাৰীজনৰ হাতৰ পৰা ধনখিনি কাঢ়ি নিয়ে ৷ কৰ্মচাৰীজনে ধৰ ধৰ বুলি চিঞৰে যদিও আমি একো টলকিবই নোৱাৰিলো বুলিও কয় ৷ মটৰ চাইকেলত অহা দুৰ্বৃত্তজনে ধনখিনি কাঢ়ি উপ পথটোৰেই পলায়ন কৰে বুলিও প্ৰকাশ কৰে ৷ ঘটনা সন্দৰ্ভত কৰ্মচাৰীজনে এজাহাৰ দাখিল কৰা বুলিও জানিব পৰা হৈছে ৷ দিন- দুপৰতে এইদৰে ধন কাঢ়ি নিয়া ঘটনাই এতিয়া স্বাভাৱিকতে বেংকলৈ ধন জমা থবলৈ অহা আৰু ধন উলিয়াবলৈ অহাসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে ৷ প্ৰশ্ন উঠিছে আৰক্ষীৰ নিৰাপত্তাৰ দিশটোকলৈকো ৷ ঘটনা সংঘটিত হোৱাৰ পিচতে জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীও ঘটনাস্থলীত উপস্থিতহৈ ঘটনাৰ বুজ লয় ৷  

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা