শেনচোৱাত খাগৰিজান সংহত শিশু উন্নয়ণ প্ৰকল্পৰ উদ্যোগত শিশু দিৱস ≈≈অসমৰ লুপ্তপ্ৰায় খেল-নৃত্য-গীতেৰে উজ্বলি উঠিল অনুষ্ঠানস্থলী

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৪ নবেম্বৰঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ শেনচোৱাত শনিবাৰে খাগৰিজান সংহত শিশু উন্নয়ণ প্ৰকল্পৰ বেবেজীয়া আৰু শেনচোৱা চাৰ্কোলৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰা হয় ৷ পশ্চিম শেনচোৱাৰ নামঘৰ প্ৰাংগণত অনুষ্ঠিত এই অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা কন কন শিশুসকলৰ কলকাকলিৰে অনুষ্ঠানস্থলী মুখৰিত হৈ পৰাৰ বিপৰীতে শিশুসকলৰ দ্বাৰা প্ৰদৰ্শিত অসমৰ বিলুপ্তপ্ৰায় পৰম্পৰাগত খেল-ধেমালীৰ লগতে নৃত্য-গীতৰ মুৰ্চনাই এক মনোমোহা পৰিবেশৰ সৃষ্টি কৰা দেখা যায় ৷ পুৱাৰ ভাগত স্থানীয় সমাজকৰ্মী বীৰেণ চন্দ্ৰ নাথে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে ধীৰেণ চন্দ্ৰ নাথে ৷ ইয়াৰ পিছতে শিশুসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, অসমীয়া সমাজৰ লুপ্তপ্ৰায় পৰম্পৰাগত দ-বাম, ভেকুলী জাপকে ধৰি বিভিন্ন খেল-ধেমালী প্ৰতিযোগিতা আৰু "কিনো লয়লাসেৰে" শীৰ্ষক অসমীয়া সাজপাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ উল্লেখ্য যে, তিনি বছৰীয়া শিশুৰ পৰা সাত-আঠ বছৰীয়া শিশুয়ে ৰেম্পত প্ৰদৰ্শন কৰা এই অনুষ্ঠানটিয়ে সকলোকে মুগ্ধ কৰি তোলে ৷ বিয়লি মুকলি সভা অনুষ্ঠিত হয় ৷ খাগৰিজান সংহত শিশু উন্নয়ণ প্ৰকল্পৰ মুখ্য সেৱিকা জোনটি হাজৰিকাই আঁত ধৰা সভাখনিত সাংবাদিক দেৱজিৎ হাজৰিকা, শিক্ষক জ্ঞানজিৎ নাথ, ঘনকান্ত নাথ, দিগন্ত নাথ,ৰূপম নাথ, গুনমনি নাথকে ধৰি বহুকেইজন গুনমান্য ব্যক্তি উপস্থিত থাকে ৷ আনহাতে, মুকলি সভাৰ পিছতেই অনুষ্ঠিত হোৱা বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানত নন্দিনী বৰদলৈয়ে আধুনিক নৃত্য, জ্যোতিস্মা প্ৰিয়ম দেৱীয়ে বিহু নৃত্য, লগ্না কাশ্যপে ৰাভা নৃত্যৰ লগতে সুধাকণ্ঠৰ "মানুহে মানুহৰ বাবে" শীৰ্ষক গীতটিত শিশুসকলে দলীয়ভাবে গীত পৰিবেশন কৰে ৷ ইয়াৰ পিছতে বঁটা বিতৰণী আৰু শলাগৰ শৰাই অনুষ্ঠানেৰে শিশু দিৱসৰ সামৰণি পেলোৱা হয়

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা