ৰঙিয়াত অৰুণোদয় আঁচনিত ব্যপক দূৰ্নীতিৰ অভিযোগত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

প্ৰতিবেদক, ৰঙিয়া, ১০ নৱেম্বৰঃ ৰঙিয়া মহকুমাত অৰুণোদয় আঁচনিত ব্যপক দূৰ্নীতি হোৱা বুলি অভিযোগ উত্থাপন কৰি আজি ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়া গড়কাপ্তানি পৰিদৰ্শন বঙলাৰ সমুখত  তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সন্থাৰ সদস্য সকলে দাৱী সম্বলিত প্লে'কাৰ্ড  প্ৰদৰ্শন কৰি  অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰাৰ উপৰি প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীত  সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা হেমন্ত দাস, কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক তৌফিকুৰ ৰহমান, ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ উপসভাপতি নিউটন কলিতা ,সাংস্কৃতিক সম্পাদক জিতু ডেকা, ,কাৰ্য্যালয় সম্পাদক বুবুল আলী, ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জয়ন্ত শৰ্মা আৰু সাধাৰণ সম্পাদক মৃন্ময় কুমাৰ ডেকা সহ জিলা, মহকুমা আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে। প্ৰতিবাদী কাৰ্যসূচীত কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা হেমন্ত দাসে বিজেপি চৰকাৰক  ক্ষুৰধাৰ সমালোচনা কৰি কয় যে, চৰকাৰখনে সম্পূৰ্ণ আঁচনিক বিজেপি কৰণ কৰাত  প্ৰকৃত হিতাধিকাৰী সকলে  বঞ্চিত হৈছে। তেওঁ প্ৰকৃত হিতাধিকাৰীক এই আঁচনিত অন্তৰ্ভূক্ত কৰাৰ দাৱী জনায়। দূৰ্নীতিৰ প্ৰতি শূণ্য সহনশীলতা প্ৰকাশ কৰা চৰকাৰখনৰ দিনত প্ৰকৃত হিতাধিকাৰী অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হবলগীয়া হোোৱাটো দূৰ্ভাগ্যজনকেই নহয় অত্যন্ত লজ্জাাজনক বুলি অভিহিত কৰে জিলা ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক তৌফিকুৰ ৰহমানে।  এই আঁচনিত বহুতো চাকৰিয়ালৰ পত্নী, ব্যৱসায়ীৰ পত্নী আদিৰ নাম সন্নিৱিষ্ট কৰা বুলি ৰহমানে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে। তেওঁ আঁচনিত  প্ৰকৃত হিতাধিকাৰী বঞ্চিত  হোৱাৰ  ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনৰ  নিৰপেক্ষ তদন্ত দাাবী কৰে। ছাত্ৰ নেতাা গৰাকীয়ে প্ৰকৃত হিতাধিকাৰীৰ নাম সন্নিৱিষ্ট কৰাৰ লগতে  যি সকল হিতাধিকাৰীৰ নাম অবৈধ  তথা উদ্দেশ্য প্ৰণোদিত ভাৱে সন্নিৱিষ্ট কৰা  হৈছে সেই সকলৰ নাম এই আঁচনিৰ পৰা কৰ্তন কৰাৰ বাবে মুখ্যমন্ত্ৰীক দাৱী জনায়। এই সন্দৰ্ভত ৰঙিয়া আঞ্চলিক সন্থাই ৰঙিয়াৰ মহকুমাধিপতিৰ জৰিয়তে মুুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা