বঙাইগাঁৱত 'কা' বিৰোধী সমন্বয় সমিতিৰ আহ্বানত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ

বঙাইগাঁও ঃ ১৮ নৱেম্বৰঃ ' কা' প্ৰত্যাহাৰ আৰু চূড়ান্ত এন আৰ চি প্ৰকাশৰ প্ৰক্ৰিয়া  অনতিপলমে সম্পূৰ্ণ কৰা, 'কা' বিৰোধী সকলো কাৰাবন্দীক অতিশীঘ্ৰে মুক্তি দিয়া আৰু সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰাৰ দাবীত বুধবাৰে 'কা' বিৰোধী সমন্বয় সমিতি অসমৰ আহ্বানত বঙাইগাঁৱতো বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰা হয় ৷ বঙাইগাঁও চহৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ গান্ধী ময়দানত ৰূপায়ণ কৰা বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলে হাতে হাতে বিভিন্ন প্লেকাৰ্ড লৈ দেশৰ সংবিধান ৰক্ষা কৰক , নাগৰিকত্ব আইন ২০১৯ বাতিল কৰক ,অখিল গগৈ, দেবাংগনা কলিতাসহ সকলো 'কা ' বিৰোধী প্ৰতিবাদীক নিঃ চৰ্তে মুক্তি দিয়ক, 'কা' বিৰোধী সমন্বয় ,স্বৈৰাচাৰী সাম্প্ৰদায়িক বিজেপি চৰকাৰ হায় হায় , সাংবাদিকৰ ওপৰত আক্ৰমণ মানি লোৱা নহ'ব ,গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকতাৰ ওপৰত আক্ৰমণ মানি লোৱা নহ'ব , সাংবাদিকৰ মুক্তকণ্ঠ ৰোধ কৰিব বিচৰা বিজেপি চৰকাৰ হায় হায় শ্লোগানো দিয়ে ৷ ইপিনে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশিষ্ট অধিবক্তা তথা চি পি আই (এম)ৰ বঙাইগাঁও আঞ্চলিক সমিতিৰ সম্পাদক হৰেশ্বৰ দাসে সংবাদ মাধ্যমৰ আগত কয় যে সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত ৰাজ্যখনত পুনৰ 'কা' বিৰোধী আন্দোলন আৰম্ভ হৈছে ৷ এই আন্দোলন এই কাৰণে হৈছে যে গণতন্ত্ৰৰ যিটো প্ৰকৃত খলপ সেই খলপটো ওলাই পৰিছে অতি সম্প্ৰতি ককপথাৰৰ পৰাগ ভূঞাৰ হত্যাৰ মাজেদি ৷ ৰাজ্যৰ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰৰ যি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ সেই চৰকাৰ গণতন্ত্ৰৰ পক্ষত নহয় ৷ এন আৰ চি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিচতো তেওঁলোকে মুকলি নকৰিলে ৷ 'কা' বিৰোধী আন্দোলনত জড়িত অখিল গগৈ ,দেবাংগনা কলিতা আদি  কাৰাবন্দী হৈ থকাসকলে বিভিন্ন আদালতত জামিন মঞ্জুৰ হোৱাৰ পিচতো আজিও তেওঁলোক মুক্ত আকাশৰ তলত ঠিয় হ'ব পৰা নাই ৷ চৰকাৰৰ এইটো চক্ৰান্ত ৷ সেয়ে আমি এই চক্ৰান্তৰ প্ৰতিবাদত এই প্ৰতিবাদী কাৰ্যসূচী সংগঠিত কৰিছো ৷

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা