ৰঙিয়া চহৰৰ যানজঁট নিৰসনত মহকুমাধিপতিৰ প্ৰশংসনীয় পদক্ষেপঃ ৰাইজৰ জীৱন যাত্ৰা সুচল হোৱাৰ আশা

প্ৰতিবেদক, ৰঙিয়া, ৬ নৱেম্বৰঃৰঙিয়া চহৰৰ দশকজোৰা যানজটঁৰ সমস্যা সমাধানৰ ক্ষেত্ৰত  ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালে কেতবোৰ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। ৰঙিয়া চহৰত  ক্ৰমাগত ভাৱে বৃদ্ধি পাই অহা যানজঁট তথা দুৰ্ঘটনা ৰোধ আৰু নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে  মহকুমাধিপতি পালে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই নীতি নিৰ্দেশনাবোৰ অহা ১৬ নৱেম্বৰৰ পৰা কাৰ্য্যকৰী কৰা হব। আজি ৰঙিয়া মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰে মহকুমাধিপতি গৰাকীয়ে। চহৰৰ যানজঁট নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেওঁ জাৰি কৰা নিৰ্দেশনা অনুসৰি কামৰূপ জিলা পৰিবহন বিভাগৰ পঞ্জীয়ন নথকা কোনো ই-ৰিক্সা ৰঙিয়াত চলাচল কৰিব নোৱাৰিব। অৱশ্যে ৰঙিয়া মহাত্মা গান্ধী পথ, হৰদত্ত বীৰদত্ত ভৱনৰ পৰা বেচৰকাৰী বাছ আস্থানৰ পুলিচ পইন্ট আৰু ৰঙিয়া বেচৰকাৰী বাছ আস্থানলৈ পঞ্জীয়নভুক্ত ই-ৰিক্সা সমূহ পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈৈ চলাচল কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। লগতে ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চলাচলত বাধা থাকিব। ৰঙিয়া চহৰৰ মুল পথত কোনো ই-ৰিক্সা পাৰ্কিং কৰিব নোৱাৰিব, আনহাতে চহৰখনৰ হৰদত্ত বীৰদত্ত ভৱন পথৰ পৰা হাইৱে চক, হাইৱে চকৰ পৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ পথ (সাহিত্য ভৱন পথ), ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মডেল হস্পিতাল পথ আৰু ৰঙিয়া ভূটান বেচৰকাৰী বাছ আস্থানৰ পৰা শংকৰদেৱ মন্দিৰ (ইন্দিৰা গান্ধী পথ) পথকেইটি (এটা দিশত যোৱা পথ) ৱান ওৱে ঘোষণা কৰা হৈছে। ৰঙিয়া চহৰৰ বিভিন্ন সংযোগী পথ আৰু কেঁকুুৰি  সমূহৰ ৫০ মিটাৰ ব্যসাৰ্দ্ধত কোনো যানবাহন পাৰ্কিং কৰিব নোৱাৰিব বুলি তেওঁ ঘোষণা কৰে। ৰঙিয়া চহৰৰ যানবাহন পাকিংৰ ক্ষেত্ৰতো মহকুমাধিপতি গৰাকীয়ে বিশেষ কিছুমান নীতি নিয়ম বলবৎ কৰিছে। ৰঙিয়া এন টি পথত তিনিদিন  সালসলনিকৈ উভয় দিশত পাৰ্কিংৰ অনুমতি প্ৰদান কৰা হৈছে। ইপিনে ৰবিবাৰৰ বাহিৰে বাকী দিনসুহত ৰাতিপুৱা ৮ হজাৰ পৰা নিশা ৮ বজালৈ ৰঙিয়া চহৰত কোনো ধৰণৰ সামগ্ৰী উঠোৱা নমোৱা (লোডিং- আনলোডিং) কৰিব নোৱাৰিব বুলি তেওঁ কয় । ৰাইজৰ সুবিধাৰ্থে অচিৰেই  ৰঙিয়াৰ হাইৱে চকৰ উৰণীয়া সেঁতুৰ তলত  ভূটান পথৰ বেচৰকাৰী বাছ আস্থান সহ বিভিন্ন যানবাহন পাৰ্কিংৰ ব্যৱস্থা কৰা হব বুলি মহকুমাধিপতি গৰাকীয়ে জানিবলৈ দিয়ে। অকল সেয়াই নহয়  ৰঙিয়া বেচৰকাৰী বাছ আস্থানত দুচকীয়া বাহন পাৰ্কিংৰ ব্যৱস্থা কৰা সন্দৰ্ভত চিন্তা চৰ্চা কৰি থকা বুলিও তেওঁ কয়।ইপিনে ৰঙিয়া চহৰৰ মূল পথত কোনো ধৰণৰ নিৰ্মাণ সা সামগ্ৰী জমা কৰি নাৰাখিবলৈ মহকুমাধিপতিয়ে নিৰ্দেশ প্ৰদান কৰে। এই সকলোবোৰ নিৰ্দেশ ১৬ নৱেম্বৰৰ পৰা কঠোৰ ভাৱে মানি চলি ৰঙিয়াক এক  যানজঁটমুক্ত আৰু শৃংখলাাবদ্ধ  চহৰ হিচাবে পৰিগণিত কৰিবলৈ মহকুমাধিপতি পালে সকলোৰে সহায় সহযোগিতা কামনা কৰে। সৰ্ব সাধাৰণ  ৰাইজ আৰু চালক সকলৰ সহযোগিতা পালে ৰঙিয়া চহৰ ৰাজ্যৰ  ভিতৰত এক লেখত লবলগীয়া চহৰ হিচাবে পৰিগণিত হব বুলি মহকুমাধিপতি গৰাকীয়ে আশা প্ৰকাশ কৰে। আজিৰ সংবাদমেলত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মা আৰু মহকুমা গৱেষণা সহায়ক বিনোদ ৰাহাং উপস্থিত থাকে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা