নগাঁৱত দেখা গ’ল দীপাৱলীৰ উৎসৱমুখৰ পৰিবেশ≈≈চহৰাঞ্চলত এজোপা কলগছৰ দাম উঠিল ৫০০ টকালৈ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৪ নবেম্বৰঃ অমাৱশ্যাৰ ঘন আন্ধাৰ বিনাশী চৌপাশ আলোকিত কৰি তোলা পোহৰৰ উৎসৱ দীপাৱলী সমগ্ৰ ৰাজ্য ব্যাপি আজি উদযাপন কৰা হয় ৷ বহু পুৰণি কালৰে পৰা হিন্দু ধৰ্মাৱলম্বী লোকসকলে উচ্চ-নীচ ভেদাভেদ পাহৰি আলোকৰ এই অতি হেঁপাহৰ উৎসৱটি সৰ্বত্ৰে বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সকলো সৰু-ডাঙৰ লোকসকলৰ মাজত পালন কৰি অহা হৈছে ৷ তদনুযায়ী এইবাৰো পোহৰৰ উৎসৱটি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নগাঁও জিলাতো ওলহ-মালহেৰে পালন কৰা হয় ৷ জিলাখনৰ সৰ্ব প্ৰান্ততে দেৱালীক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিবেশ সৃষ্টি হয় ৷ অৱশ্যে একাংশ অসাধু ধুৰন্ধৰ ব্যৱসায়ীয়ে মইমতালিৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম অভাবনীয়ভাবে বৃদ্ধি ঘটোৱাৰ হেতু কিছু পৰিমাণে দীপান্বিতাৰ আনন্দ-উল্লাসত ম্লান পৰে ৷ তথাপিও তেনে সমস্যাৰ কথা ক্ষণিকৰ বাবে পাহৰি দীৰ্ঘদিনে কৰ’না বিভীষিকাৰ মাজত ককবকাই থকা নগঞা জনতাই এতিয়া পৰিবেশ বহুখিনি স্বাভাবিক হৈ পৰাৰ হেতু দেৱালীৰ ৰীতি-পৰম্পৰা বেছ ৰং-ৰহইচৰ মাজেৰেই ৰক্ষা কৰা পৰিলক্ষিত হয় ৷ জিলাখনৰ প্ৰতিঘৰ গৃহস্থ আৰু ব্যৱসায়-প্ৰতিষ্ঠানৰ লোকসকলে কলপুলি পুতি তাত মাটিৰ চাকি আৰু ম’মবাতি জ্বলাই পোহৰৰ উৎসৱটি পালন কৰাৰ লগতে বিভিন্ন প্ৰকাৰৰ ফটকা, ফুলজাৰি আৰু আটচবাজিৰে আকাশ-বতাহ ৰজনজনাই তুলি চৌদিশে পোহৰৰ নানাৰঙী মায়াজাল সৃষ্টি কৰে ৷ অৰ্থাৎ শব্দ আৰু নানাৰঙী পোহৰৰ খেলাই চঞ্চল কৰি পেলায় তমসাছন্ন নিশাৰ পৰিবেশ ৷ তদুপৰি একাংশ অত্যুৎসাহী বিত্তশালী ব্যক্তিয়ে নিজৰ আৱাসগৃহ আৰু ব্যৱসায়-প্ৰতিষ্ঠান আদি দুগুণ উৎসাহৰে ৰঙীন বিজুলি বাতিৰে আটকধুনীয়াকৈ সজাই তোলা দেখা যায় ৷ ইফালে, অন্ধকাৰ নাশি ধৰাতল পোহৰাই তুলিবলৈ সক্ষম হোৱা এই উৎসৱত কিন্তু অপৰিহাৰ্য আপোনাৰ-মোৰ সবাৰে অতি চিনাকী বাৰেৰ কলপুলিটো ৷ কাৰণ এই কলপুলিটোক মূল আধাৰ হিচাপে লৈ চাকি-বন্তি জ্বলোৱাৰ যি পৰম্পৰা অতীজৰে পৰা যুগ যুগ ধৰি চলি আহিছে সেয়া বৰ্তমানেও পৰিবৰ্তন হোৱা নাই ৷ কাজেই, দীপান্বিতাত স্বাভাবিকতেই বৃদ্ধি পায় কলপুলিৰ অভাৱনীয় চাহিদা ৷ প্ৰকাশ যে, আলোকৰ মন-প্ৰাণ পুলকিত কৰা এই উৎসৱত অতিকে গুৰুত্ব তথা আদৰ লাভ কৰি অহা এজোপা কলগছৰ দাম এইবাৰ নগাঁৱৰ চহৰাঞ্চলত ৫০০ টকালৈ বৃদ্ধি হোৱা দেখা গ’ল ৷ সৰু আকাৰৰ একোটা কলপুলি ১৫০-২০০ টকা আৰু ডাঙৰ একোটা কলপুলি ২৫০-৫০০ টকাত বিক্ৰী হয় ৷ কিন্তু এনে বৰ্ধিত দাম আদায় দি হ’লেও চহৰাঞ্চলৰ লোকসকলে বনাদ্বিধাই ক্ৰয় কৰিলে কলপুলি ৷ উল্লেখ্য, সাধাৰণতে চহৰাঞ্চলত দুৰ্লভ এই কলপুলি একাংশ চতুৰ ব্যৱসায়ীয়ে গাঁৱৰ পৰা খুব কম দামত ক্ৰয় কৰি এইবোৰ ঠেলা, টেম্প’, টেক্টৰ, মিনি ট্ৰাক আদিৰে চহৰলৈ কঢ়িয়াই অধিক দামত বিক্ৰী কৰি মুনাফা লুটে ৷ ফলত মাত্ৰ এটা দিনৰ বাবে বন্তি জ্বলোৱাৰ নামত কাটি খাছটাং কৰা হ’ল হাজাৰ হাজাৰ কলপুলি ৷ ইফালে, কলপুলি জোপা পুতি তাত চাকি-বন্তি জ্বলাবৰ বাবে প্ৰয়োজন হোৱা বাঁহৰ কামি আকৌ প্ৰতিযোৰাত ৮০-১৫০ টকা দৰত বিক্ৰী কৰে এচাম সুচতুৰ ব্যৱসায়ীয়ে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা