ৰাইদঙীয়াত মহিলা কংগ্ৰেছৰ বিশাল কৰ্মী সভা

 ৰাইদঙীয়াত মহিলা কংগ্ৰেছৰ বিশাল কৰ্মী সভা≈≈বৰ্তমান অসমত সাংবাদিকৰ সুৰক্ষা নাই--সাংসদ গৌৰব গগৈ#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৮ নবেম্বৰঃ "জাতি-মাটি-ভেটিৰ কথা কৈ ৰাইজক পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰা বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ নমুনা ইতিমধ্যে ৰাইজে দেখা পাইছেই ৷ দুৰ্নীতিমুক্ত অসমৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনতেই অধিক দুৰ্নীতি হৈছে ৷ সকলো বস্তুটোৰে পৰ্বতসম মূল্যবৃদ্ধি হৈছে ৷ মূল্যবৃদ্ধিত সৰ্বসাধাৰণ ৰাইজ পেপুৱা লাগিছে ৷ আনকি বিজেপি চৰকাৰৰ দিনতেই চিণ্ডিকেট আৰু মাফিয়াৰাজ অধিক চলিছে ৷ এই চৰকাৰৰ দিনতেই আকৌ এটা নতুন চিণ্ডিকেট চলিছে ৷ সেইটো হৈছে চৰকাৰী চাকৰিৰ বাবে পতা পৰীক্ষাৰ চিণ্ডিকেট ৷ সকলোতে কেৱল মাফিয়াৰাজ আৰু চিণ্ডিকেট ৷ এইবোৰত বিজেপিৰ বহু নেতা জড়িত ৷ সেয়ে এইবোৰৰ বিৰুদ্ধে বিজেপি নেতাই মাত নামাতে ৷ কিন্তু কংগ্ৰেছে মাত মাতি আহিছে এইবোৰৰ বিৰুদ্ধে ৷" এই মন্তব্য কলিয়াবৰ লোকসভাৰ সাংসদ গৌৰব গগৈৰ ৷ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ৰাইদঙীয়াত বুধবাৰে দলংঘাট আৰু বটদ্ৰৱা ব্ল’ক মহিলা কংগ্ৰেছৰ উদ্যোগত আয়োজিত বিশাল কৰ্মীসভাত অংশগ্ৰহন কৰি সাংসদগৰাকীয়ে শাসকীয় বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰি লগতে কয় যে--বৰ্তমান অসমত সাংবাদিকৰ সুৰক্ষা নোহোৱা হৈছে ৷ অন্যায়ৰ বিৰুদ্ধে, অসাধু চক্ৰৰ বিৰুদ্ধে মাত মতাৰ বাবেই সাংবাদিকক হত্যা কৰা হৈছে ৷ জুৱা চক্ৰৰ বিৰুদ্ধে বাতৰি পৰিবেশন কৰাৰ বাবেই সাংবাদিক নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ কিন্তু এনে অন্যায়-দুৰ্নীতি নিৰ্বিঘ্নে চলি থকাৰ পিছতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কেৱল গাদী ৰক্ষাৰ স্বাৰ্থতহে ব্যস্ত হৈ আছে ৷ ক্ষমতাশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নাম উচ্চাৰণ নকৰাকৈ সাংসদ গৌৰব গগৈয়ে মন্ত্ৰীগৰাকীক কটাক্ষ কৰি কয় যে--স্বাস্থ্য বিভাগৰ দৰে গুৰুত্বপূৰ্ণ পদবীত থকা মন্ত্ৰীগৰাকীয়ে এতিয়া ৰাইজৰ সেৱাৰ কথা পাহৰি গৈছে ৷ কেনেদৰে মুখ্যমন্ত্ৰীৰ আসনত বহিব পাৰি তাৰহে কৌশলত ব্যস্ত আছে ৷ হেলিকপ্টাৰত উঠি মন্ত্ৰীগৰাকীয়ে চিন্তা কৰিছে কিদৰে হেলিকপ্টাৰৰ পৰা মুখ্যমন্ত্ৰীৰ আসনত জাপ দিব পাৰি ৷ সুযোগ সন্ধানী এই গৰাকী মন্ত্ৰীয়ে ইতিমধ্যে আছু, কংগ্ৰেছক বিশ্বাসঘাট কৰিলেই ৷ পিছলৈ সৰ্বানন্দ সোনোৱালকো বিশ্বাসঘাট কৰিব ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিৱামনি বৰাই উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ আগবঢ়োৱা সভাখনিত সাংসদ গৰাকীয়ে এতিয়া নতুন চিন্তাৰ ৰাজনীতিৰ দৰকাৰ বুলি উল্লেখ কৰি কয় যে--সমাজৰ সৰ্বাংগীণ উন্নয়ণৰ বাবে শান্তিৰ প্ৰয়োজন ৷ এই শান্তিৰ বাবে লাগিব সম্প্ৰীতি ৷ শান্তি আৰু সম্প্ৰীতি থাকিলেহে উন্নয়ণ সম্ভৱ ৷ বিজেপিৰ চৰকাৰৰ দিনত সাধাৰণ ৰাইজৰ নহয় ধনী মানুহৰহে লাভ হৈছে ৷ ক্ষমতা দখলৰ বাবে তেওঁলোকে মানুহৰ মাজত কেনেকৈ সংঘাত সৃষ্টি কৰিব পাৰি, সাম্প্ৰদায়িক জুই কেনেকৈ জ্বলাব পাৰি তাৰ চিন্তাত আছে ৷ কিন্তু কংগ্ৰেছে বিচাৰে সকলোৰে সৰ্বাংগীণ উন্নয়ণ ৷ এই উন্নয়ণৰ বাবে প্ৰয়োজনীয় শান্তি আৰু সম্প্ৰীতি আনি দিব পৰা দল হৈছে কংগ্ৰেছ ৷ দলংঘাট আৰু বটদ্ৰৱা ব্ল’ক মহিলা কংগ্ৰেছৰ বিভিন্ন মণ্ডলৰ পৰা অহা সহস্ৰাধিক মহিলা কৰ্মীৰ অংশগ্ৰহনেৰে অনুষ্ঠিত হোৱা সভাখনত প্ৰাক্তন মন্ত্ৰীদ্বয় গৌতম বৰা আৰু ৰকিবুল হুছেইনেও বিজেপিক চোকা ভাষাৰে সমালোচনা কৰি অহা ২০২১ চনৰ নিৰ্বাচনত অসমত পুনৰ কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰে ৷ নগাঁও জিলা মহিলা কংগ্ৰেছৰ সভাপতি ৰূপালী শইকীয়াৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনিত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা ৰেহেনা নেৱাজ, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিজিৎ বৰা, দলংঘাট ব্ল’ক কংগ্ৰেছৰ সভাপতি মঞ্জুল বৰদলৈ, বটদ্ৰৱা ব্ল’ক কংগ্ৰেছৰ সভাপতি নুৰুল আমিন, শিক্ষাবিদ ৰাণা প্ৰকাশ বৰাকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তিৰ লগতে ইয়ং ব্ৰিগেড, সেৱা দল আৰু যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তা উপস্থিত থাকে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা